বাগসাৰ খাৰিজা বিজনীত এছএছবিৰ দ্বাৰা বড়ো যুৱক-যুৱতীৰ বাবে প্ৰশিক্ষণ শিবিৰ

অৰ্ধসামৰিক বাহিনীত বড়ো যুৱক-যুৱতীক যােগদানৰ উৎসাহ

বাগসা জিলাৰ অন্তৰ্গত ২০ নং মথনগুৰি সমষ্টিৰ উত্তৰ খাৰিজা বিজনী হাইস্কুল প্ৰাংগণত আজি ৰাতিপুৱা ন বজাৰ পৰা তিনিদিনীয়াকৈ এছএছবিৰ ৫৪ নং বেটেলিয়নৰ কাহিতামা পাথাৰ ডেল্টা কোম্পানীৰ দ্বাৰা বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ বড়ো যুৱক-যুৱতীসকলক অৰ্ধসামৰিক বাহিনীত যােগদানৰ উৎসাহ যােগােৱাৰ বাবে তিনিদিনীয়াকৈ এক প্রশিক্ষণ শিবিৰৰ আয়ােজন কৰা হয় ।

ADVERTISEMENT

উক্ত শিবিৰত উপস্থিত থাকে উত্তৰ খাৰিজা বিজনী হাইস্কুলৰ প্ৰধান শিক্ষক, গাঁওবুঢ়া, ভিচিডিচি মেম্বাৰ আৰু ৫৪ নং এছএছবি কাহিতামা পাথাৰৰ ডেলতা কোম্পানীৰ সহকাৰী কোমাণ্ডেট দীপক কুমাৰ জয়ছোৱাল, ইনপেক্টৰ নীৰৱ কুমাৰ, সুশীল কুমাৰ আদি৷ আজিৰ কাৰ্যসূচীৰ যোগেদি খাৰিজা বিজনী অঞ্চলৰ প্ৰায় ৮০ গৰাকী বড়ো যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হয় ৷

উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰ অহা ২১ আগষ্টলৈকে উত্তৰ খাৰিজা বিজনী হাইস্কুলত চলিব । এছএছবিয়ে এনে ধৰণৰ প্রশিক্ষণ কাৰ্যসূচীৰ উপৰি সময়ে সময়ে বিভিন্ন সামাজিক কার্যসূচী গ্রহণ কৰি গােটেই অঞ্চলবাসীক সন্তুষ্টি প্রদান কৰি আহিছে। এনে প্রশিক্ষণে যথেষ্ট পৰিমাণে নিবনুৱা সমস্যা সমাধান তথা নতুন চাকৰি পােৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজে।

Exit mobile version