বাগসাৰ দক্ষিণ লাউখাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

IMG 20210819 191716

বাগসা জিলাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ লাউখাটা গাঁৱৰ কালদিয়া নৈত আজি এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । গাঁৱৰে কেইজনমান মাছমৰীয়াই নৈত মাছ মাৰি থাকোতে পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি ৰাইজক খবৰ দিয়ে ।

তাৰ পাছতেই ৰাইজে ঘটনাটো গাঁওৰক্ষী বাহিনীক অৱগত কৰাত তেওঁলোকে শিমলা আৰু জালাহ আৰক্ষীক খবৰ দিয়ে। জালাহ আৰু শিমলা আৰক্ষীৰ সহযোগত মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ মুছলপুৰস্থিত ডঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, মৃতদেহটো এই মুহুৰ্তলৈকে চিনাক্ত কৰিব পৰা নাই ।কোনোৱে এই সংক্ৰান্তত জানিব বিচাৰিলে আৰক্ষীৰ স’তে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

Exit mobile version