সৌন্দৰ্য্য চৰ্চাত ভিটামিন E ৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতা

vitamin e oil 732x549 thumbnail 732x549 1

ভিটামিন E ৰ বহুতো উপকাৰিতা আছে। ভিটামিন E ৰ যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰী গুণ আছে। ছালৰ সৌন্দৰ্য্য বৃদ্ধিত ভিটামিন E ৰ ব্যৱহাৰ অপৰিসীম।

ভিটামিন E ত থকা এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰী গুণৰ বাবে ভিটামিন E ৰ ব্যৱহাৰে ছালত বয়সৰ চাপ পৰাত বাধা দিয়াৰ লগতে মুখৰ ছাল নিমজ আৰু কোমল হোৱাত সহায় কৰে।

ভিটামিন E ৰ কেপচলো সৌন্দৰ্য্য চৰ্চাত অতি উপকাৰী। ভিটামিন এ ৰ কেপচুল যথেষ্ট তেলেটীয়া। সেয়েহে কেপচুল ব্যৱহাৰ কৰিলে ৰাতি শুবৰ সময়ত লগাই হে শুব।

ভিটামিন E ৰ কেপচুল, চিৰাম বা তেল মুখত কেনেদৰে ব্যৱহাৰ কৰিব ?

★ প্ৰথমতে মুখত থকা মেকাপ, ক্ৰীম আদি ভালদৰে ধুই ল’ব। তাৰ পাছত কুহুমীয়া গৰম পানীৰে ভালদৰে মুখখন ধুই শুকাই ল’ব।

★ যদি আপুনি শুদ্ধ ভিটামিন E ৰ তেল ব্যৱহাৰ কৰে তেতিয়া, দুইটোপাল ভিটামিন E ৰ তেল দহ টোপাল বাদাম অথবা অলিভ তেলৰ লগত মিহলাই মুখত লগাওঁক।

★যদি ভিটামিন E ৰ চেৰাম ব্যৱহাৰ কৰিব বিচাৰে তেন্তে চেৰাম অলপ আঙুলিত লগাই গোটেই মুখত ঘূৰাই ঘূৰাই ভালদৰে মালিচ কৰক যেতিয়ালৈকে চেৰাম ছালত শুকাই নাযায়।

★ যদি আপুনি ভিটামিন E ৰ কেপচুল ব্যৱহাৰ কৰিব বিচাৰে তেন্তে ভিটামিন E ৰ কেপচুলটো বেজী এটাৰে ফুটা কৰি লৈ মাজৰ জেলী খিনি আঙুলিৰে মুখত ঘঁহি ঘঁহি লগাওঁক। মুখত ভালদৰে মালিচ কৰি লগালে মুখত তেজৰ চলাচল বৃদ্ধি হোৱাৰ লগতে ভিটামিন E ছাল খনে শুহি লোৱাত সহায় হ’ব।

★ ঠাণ্ডা দিনত ভিটামিন E ৰ অইল অথবা কেপচুল সদায় লগাব পাৰিব যদিও গৰমৰ দিনত সপ্তাহত এদিন কৈ ব্যৱহাৰ কৰিব।

ভিটামিন E ৰ উপকাৰিতা :

★ ভিটামিন E ৰ ব্যৱহাৰে মুখত পৰা ক’লা দাগ আঁতৰাই।শালমন অথবা বয়সৰ বাবে পৰা ক’লা দাগ আঁতৰোৱাত ভিটামিন E যথেষ্ট উপকাৰী । ভিটামিন E এ মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে আৰু ছাল নিমজ কৰে ৷

★ ভিটামিন E ৰ তেল অথবা কেপচুল ওঁঠত লগালে ওঁঠ উজ্জ্বল আৰু কোমল হয়।

★ ভিটামিন E এ শুকান ছাল সজীৱ কৰে

★ ভিটামিন E এ ৰ’দে পুৰা ছাল পুনৰ্জীৱিত কৰে আৰু UV ৰশ্মিৰ কাৰনে হোৱা ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷

Exit mobile version