স্বামীৰ গ্ৰেপ্তাৰৰ পাছত কামলৈ উভটিল শিল্পা, ভাইৰেল হ’ল ছেটৰ ভিডিঅ’

shilpa shetty 1 1629183946

পৰ্ণ কাণ্ডত স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত’ ছুপাৰ ডান্সাৰ ফ’ৰলৈ উভতি আহিল অভিনেত্ৰী শিল্পা চেট্টী। বিচাৰক হিচাপে অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা কাম কৰি থকা শিল্পাই তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছত কেইদিনমানৰ বাবে অনুষ্ঠানটোৰ পৰা বিৰতি লৈছিল ।কিন্তু দৰ্শকসকলে তেওঁক পুনৰ অনুষ্ঠানটোত দেখি আচৰিত হৈ পৰিছে।

অনুষ্ঠানটোৰ ছেটত শিল্পাৰ উভতি অহাৰ কিছুমান ফটো আৰু ভিডিঅ’ কেইদিনমান আগতে নেটত যথেষ্ট ভাইৰেল হৈ পৰিছিল। সম্প্ৰতি সেই অনুষ্ঠানৰ এটা খণ্ডৰ এক আভাস শ্বেয়াৰ কৰা হৈছে ।

য’ত পূৰ্বৰ দৰেই শিল্পাই প্ৰতিযোগীসকলক উল্লাস আৰু প্ৰশংসা কৰা দেখা গৈছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে। শিল্পাৰ অনুষ্ঠানলৈ উভতি অহাৰ বাবে সকলোৱে উৎসাহিত সেইয়া ভিডিঅ’টোৰ কমেণ্ট বক্সত দেখা গৈছিল।

বহুলোকে তাত মৰম আৰু শুভকামনা প্ৰকাশ কৰিছে। এজন অনুৰাগীয়ে লিখিছিল, “অনুৰোধ কৰিছো, বিচাৰকৰ পেনেল এনেদৰেই ৰাখক । একো সলনি কৰা বা আন কাকো অনাৰ কোনো প্ৰয়োজন নাই। এইয়াই আমাৰ বাবে সৰ্বশ্ৰেষ্ঠ ।’

Exit mobile version