ছালত থকা দাগক লৈ চিন্তিত? ক্ৰীম বা লোচন নহয়, এইবাৰ ঘৰুৱা পদ্ধতিত পাব প্ৰতিকাৰ

Skin Care

ছালত থকা সৰু সৰু দাগক লৈ চিন্তিত নেকি? কি ভাবে মুক্তি পাব এই সমস্যাৰ পৰা ? চিন্তা কৰাৰ কোনো কাৰণ নাই। উপায় আপোনাৰ হাতৰ মুঠিত

ADVERTISEMENT

এই সমস্যাটো সাধাৰণতে ‘হাইপাৰ পিগমেণ্টেচন’ বা হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে হয়। বজাৰত থকা বৰ্তমানৰ ক্ৰীম, লোচন যথেষ্ট ব্যৱহাৰ কৰা হয়, কিন্তু কোনো ফলাফল পোৱা নাযায়। ছালৰ এই সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাব পৰা কিছুমান ঘৰুৱা প্ৰতিকাৰ চাওঁ আহক

★ছাল উজ্বল কৰি ৰাখিবলৈ বেচন অতি উপকাৰী উপাদান ।এক চামুচ হালধি, দুই চামুচ বেচন আৰু এক চামুচ গাখীৰেৰে ডাঠ এটা পেষ্ট বনাওক আৰু এই মিশ্ৰণটো ভালদৰে মুখত প্ৰলেপ দিয়ক ।১৫ মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাওক। একেৰাহে এসপ্তাহৰ বাবে এই পদ্ধতি গ্ৰহণ কৰিলে ইয়াৰ লাভ পাব।

★ গ্লিচাৰিন আৰু গোলাপৰ পানী সমান পৰিমাণে মিহলি কৰক। এতিয়া ছালৰ ডাঠ দাগত সেই পেষ্টটো ব্যৱহাৰ কৰক। ই ছালৰ দাগ আঁতৰ কৰিব ।এই মিশ্ৰণটো মুখত লগাই অধিক সময়ৰ বাবে ৰাখিব লাগে।

★আলুৰ ৰসত প্ৰাকৃতিক ব্লিচিং থাকে যিয়ে ডাঠ দাগ আঁতৰ কৰে। ছালত আলুৰ ৰস ভালদৰে মিহলি কৰক আৰু ২০ মিনিট ৰৈ থাকক। তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক । ই ছালৰ ডাঠ দাগবোৰ সহজে আঁতৰ কৰে।

★দুই চামুচ নেমুৰ ৰস আৰু দুই চামুচ মৌৰ স’তে এটা মিশ্ৰণ বনাওক। এতিয়া মিশ্ৰণটো দাগৰ ওপৰত প্ৰয়োগ কৰক আৰু ১৫ ৰ পৰা ২০ মিনিট অপেক্ষা কৰক। তাৰ পাছত ইয়াক ধুই দিয়ক। ই ছালৰ দাগবোৰ আঁতৰ কৰিব আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব।

★ ছালৰ দাগ আঁতৰ কৰাত কমলা বা নেমু অতি উপকাৰী। এই ক্ষেত্ৰত, কমলা আৰু নেমুৰ বাকলি পিহি লওক। এতিয়া ইয়াৰ স’তে অলপ গাখীৰৰ দি এটা মিশ্ৰণ বনাওক। ইয়াক ছালৰ দাগ থকা ঠাইবোৰত নিয়মীয়াকৈ ব্যৱহাৰ কৰিব। চাব ই যাদুৰ দৰে কাম কৰিব।

Exit mobile version