প্রতিষেধক নােলােৱা ৭৬ শতাংশ ৰােগীৰ মৃত্যু,প্রতিষেধক গ্রহণৰ পাছত মাত্র ০.৩ শতাংশৰ প্রাণহানি

NRP COVID 1YR 16x9 1

কৰ’না প্ৰতিৰােধৰ ক্ষেত্ৰত সবাতােকৈ কার্যকৰী উপায় হৈছে প্রতিষেধক গ্রহণ কৰা। প্রতিষেধক গ্ৰহণৰ পাছতাে ক’ভিডত আক্রান্ত হােৱাৰ সম্ভাৱনা থাকে, কিন্তু টিকা লােৱা ব্যক্তিৰ মৃত্যুৰ আশংকা সীমিত হয়। এইমছত ভর্তি হােৱা কৰ’না ৰােগীৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, এই চিকিৎসালয়ত প্রতিষেধক গ্রহণ নকৰা ২৯৪ (৭৬ শতাংশ) জন ৰােগীৰ মৃত্যু হৈছিল।

আনহাতে, চিকিৎসালয়খনত দুপালি প্রতিষেধক লােৱা মাত্র এজন লােকৰহে কৰ’নাত মৃত্যু হ’ল। অর্থাৎ প্রতিষেধক লােৱাৰ পাছত ক’ভিডত মৃত্যুৰ হাৰ হৈছে ০.০৩ শতাংশ। এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈছে যে ক’ভিড প্ৰতিৰােধৰ ক্ষেত্রত টিকাই হৈছে সবাতােকৈ কার্যকৰী উপায়। এইমছৰ এই প্রতিবেদন প্রতিষেধকৰ সন্দৰ্ভত ১৮১৮ জন ৰােগীক সামৰি অধ্যয়ন চলােৱা হৈছিল।

এইসকল লােকৰ ১৩১৪ জনে অর্থাৎ ৭২.৩ শতাংশই প্রতিষেধক লােৱা নাছিল। বিনা প্রতিষেধকৰে ক’ভিডত আক্রান্ত হােৱা ৰােগীসকলৰ ২৯৪ জনৰ মৃত্যু হৈছিল। অর্থাৎ প্রতিষেধক নােলােৱা ক’ভিড ৰােগীৰ মৃত্যুৰ হাৰ আছিল ৭৬.৪ শতাংশ। আনহাতে, চিকিৎসালয়খনত ভর্তিও হােৱা ১১৫ জন ক’ভিড ৰােগীয়ে প্রতিষেধকৰ প্রথম পালি গ্রহণ কৰিছিল। এনে ৰােগীৰ সংখ্যা আছিল ১১.৮ শতাংশ।

ইয়াৰে ৪২ জন অর্থাৎ ১০.৯ শতাংশৰ ক’ভিডত মৃত্যু হৈছিল। অৱশ্যে প্রতিষেধক প্রথম পালি গ্রহণৰ দুসপ্তাহৰ পাছত ২৫৮ ৰােগী চিকিৎসাধীন হৈছিল,অর্থাৎ এপালি প্রতিষেধক লােৱাৰ পাছত সংক্ৰমিত ৰােগীৰ সংখ্যা ১৪.২ শতাংশ আছিল। ইয়াৰে ৪৮ জন অর্থাৎ ১২.৫ শতাংশৰ মৃত্যু হৈছিল।

Exit mobile version