বিল্ডিঙৰ পৰা পৰি গুৰুতভাৱে আহত ,ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত কলগাছিয়াৰ আমিনুল ইছলাম

কলগাছিয়াৰ দেউকুৰা গাৱৰ আমিনুল ইছলাম নামৰ ২১ বছৰীয়া এজন যুৱক। অমিনুল নামৰ এই যুৱক জনে ৰাজমিস্ৰীৰ কাম কৰিবলৈ গৈ অৰুনাচল প্ৰদেশৰ এটা বিল্ডিঙৰ পৰা পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত এতিয়া পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা ।

তথ্য অনুসৰি এই দুৰ্ঘটনাত যুৱকজনৰ ৰাজহাড় ভাগি গৈছে। দৰিদ্ৰ পৰিয়ালটোৰ যুৱকজনৰ চিকিৎসাৰ বাবে ধনৰ অভাৱত দিশহাৰা হৈ পৰিছে।

ফলত স্থানীয় ৰাইজৰ তৎপৰতাত বিভিন্নজনৰ পৰা টকা সংগ্ৰহ কৰি যুৱকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।উন্নত চিকিৎসাৰ বাবে এইখিনি পৰ্যাপ্ত নহয় বাবে এই ক্ষেত্ৰত জনীয়া সমষ্টিৰ বিধায়ক আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ লগতে দল সংগঠন আৰু হৃদয়বান ব্যক্তি সকলৰ ওচৰত পৰিয়ালটোৱে সহায় কামনা কৰিছে ।

কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে A/c= 39672936569 IFSC code SBIN0018805 এই একাউন্ট নম্বৰত সহায় কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে।

Exit mobile version