স্বামী-সন্তানক এৰি গাড়ীচালকৰে বিবাহ বিজেপিৰ বিধায়িকাৰ

CB 630x420 1

বিধায়ক নির্বাচিত হােৱাৰ চাৰি মাহৰ পাছতে স্বামী-সন্তানক ত্যাগ কৰি দলীয় কর্মীক বৰমাল্য পিন্ধালে শালতােড়াৰ বিজেপিৰ বিধায়ক চন্দনা বাউৰীয়ে। ঘটনাটি প্রকাশ্য হােৱাৰ পাছতে বিজেপিত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিধানসভাৰ নিৰ্বাচনত টিকট লাভৰ সময়ৰ পৰাই বাউৰীয়ে বিশেষ দৃষ্টি আকর্ষিত কৰি আহিছিল৷ কিয়নাে অর্থনৈতিকভাৱে অতি দুর্বল শ্ৰেণীৰ বাউৰীয়ে বিজেপিৰ টিকট লাভ কৰি চাঞ্চল্য সৃষ্টি কৰিছে।

বিধানসভাৰ বিগত নির্বাচনত বাউৰীয়ে বিপুল ভােটত জয়লাভ কৰি ৰাজনীতিত সকলােকে চমকিত কৰিছিল। কিন্তু শেহতীয়াভাৱে শালতােড়াৰ বিধায়িকাৰ বিৰুদ্ধে গােপনে দ্বিতীয় বিবাহ সম্পন্ন কৰােৱাৰ অভিযােগ উত্থাপিত হ’ল। উত্থাপিত অভিযােগ অনুসৰি, স্বামী আৰু সন্তানক ত্যাগ কৰি বুধবাৰে নিশা গােপনে প্রেমিক কৃষ্ণক স্বামীবৰণ কৰিলে চন্দনাই। বিষয়টো অৱগত হােৱাৰ পাছতে চন্দনাৰ প্রথম স্বামীয়ে আৰক্ষীক গােচৰ দিয়ে।

চন্দনাই স্বামীবৰণ কৰা কৃষ্ণ বিজেপিৰ দলীয় কর্মী হােৱাৰ লগতে পেছাত এজন গাড়ীচালক। বিধায়িকাগৰাকীৰ এনে আচৰণত ক্ষোভ প্রকাশ কৰিছে স্থানীয় দলীয় কর্মীয়ে। অৱশ্যে বাউৰীয়ে তেওঁৰ দ্বিতীয় বিবাহৰ কথা অস্বীকাৰ কৰি কয় যে স্বামীৰ স’তে তেওঁৰ কিছু কথাত সংঘাত হৈছিল আৰু ইয়াৰ ক্ষোভতে স্বামীয়ে আৰক্ষীৰ দ্বাৰস্থ হৈছিল। কিন্তু বাঁপুড়া আৰক্ষীয়ে বিধায়িকাগৰাকীৰ দ্বিতীয় বিবাহৰ কথা সত্য বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

Exit mobile version