কৰণ জোহৰৰ ছবিত অন্য ভূমিকাত ছেইফৰ পুত্ৰ ইব্ৰাহিম আলী খান

2

জয়া আখটাৰৰ ছবিত আত্মপ্ৰকাশ কৰিছে চৈফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খানে।তথ্য অনুসৰি ইব্ৰাহিম আলী খানে সুহানা খান আৰু খুশী কাপুৰৰ স’তে এখন ছবিত আত্মপ্ৰকাশ কৰিছে ।

ADVERTISEMENT

আৰ্চি কমিক্সৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। কিন্তু এইবাৰ ইব্ৰাহিম পৰ্দাৰ সন্মুখত নহয় পৰ্দাৰ আঁৰত হে কাম কৰিবলৈ ইচ্ছুক ।

তেওঁ কৰণ জোহৰৰ নতুন ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ত সহ-পৰিচালক হিচাপে কাম কৰি আছে। কেৱল প্ৰযোজনাই নহয় ছবিখন কৰণ জোহৰে পৰিচালনাউ কৰিছে।

শুক্ৰবাৰেহে আৰম্ভ হ’ল ছবিখনৰ দৃশ্যগ্ৰহণ । আলিয়া ভট্ট আৰু ৰণবীৰ সিঙক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। ছবিখনত ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু চাবানা আজমীয়েও অভিনয় কৰিছে।

ইব্ৰাহিমৰ ভগ্নী চাৰা আলী খানে ইতিমধ্যে বলীউডত নিজৰ নাম প্ৰতিষ্ঠা কৰিছে। এইবাৰ ইব্ৰাহিমৰ পাল। নৱাবৰ পুত্ৰই এজন অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ আগতে পৰ্দাৰ আঁৰত কাম শিকিব বিচাৰে। ইতিমধ্যে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে ইব্ৰাহিম । অনাগত দিনত চিনেমাপ্ৰেমীসকল তেওঁক পৰ্দাত চাবলৈ আগ্ৰহী ।

Exit mobile version