গোসাইগাঁৱত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত সজাগতা সভা 

WhatsApp Image 2021 08 21 at 2.49.27 PM

সদৌ চাওঁতাল ছাত্ৰ সন্থা গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ঝিলিমিলি ক্লাৱৰ সহযোগত গোসাইগাঁও মহকুমাৰ বালাগাঁৱৰ অন্তৰ্গত হৰিনগৰ এল পি স্কুলত চাওঁতাল জনগোষ্ঠীৰ শিক্ষাকেন্দ্ৰৰ স’তে সু-সম্পৰ্ক গঢ়ি তোলা,আৰ্থিকভাৱে স্বাৱলম্বী আৰু উপাৰ্জনৰ সঠিক উপায়বোৰ, যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণৰ ক্ষেত্ৰত উৎসাহ যোগোৱা, বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত পৰ্যালোচনা আৰু অন্ধবিশ্বাসৰ পৰা বিৰত থকাৰ ওপৰত এক সজাগতা সভাৰ আয়োজন কৰে ।

আজি দুই শতাধিক ৰাইজৰ উপস্থিতিত এই সজাগতা সভা আয়োজন কৰা হয়। সভাখনত সভাপতিত্ব কৰে সদৌ চাওঁতাল ছাত্ৰ সন্থা চাওঁতাল গোসাইগাঁও জিলা সমিতিৰ সহ সম্পাদক সনাতন হেম্ব্ৰমে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোসাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দেবিলাল হেম্ব্ৰম আৰু সভাত মুখ্য অতিথি হিচাপে চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমৰম, কেন্দ্ৰীয় উপ সভাপতি অনিল মুৰ্ম্মূ, সহ সম্পাদক বিমল চৰেন, শিক্ষা সম্পাদক কেবল হাসদা উপস্থিত থাকে ।

Exit mobile version