দিনটোৰ ৰাশিফল

daily horoscope 1

মেষঃ পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব । যাত্ৰা কৰোতে সাৱধান হ’ব । সন্তানৰ স্বাস্থ্য লৈ চিন্তিত । কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । শুভ ৰং কমলা ।

বৃষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা । ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাত কৰিব পাৰে । প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে । বিদ্যাত শুভ । শুভ ৰং নীলা ।

মিথুনঃ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব । ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব । বিদ্যাত জটিলতা দেখা দিব । সৰু-সুৰা ভ্ৰমণ আছে । শুভ ৰং বগা ।

কৰ্কটঃ আৰ্থিকত বিশেষ অসুবিধা দেখা নাযায় । প্ৰাপ্য ধন আদায় কৰিব পাৰিব । কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব । প্ৰেমত বাধা । শুভ ৰং কমলা ।

সিংহঃ যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থ লাভৰ যোগ । পাৰিবাৰিক শুভ । প্ৰিয়জনৰ সান্নিধ্যত উপকৃত কৰিব । বিদ্যাত থকা জটিলতা দূৰ হ’ব । শুভ ৰং ৰঙা ।

কন্যাঃ পাৰিবাৰিক দিশত কোনো শুভ কাৰ্য সম্পন্ন হোৱা সম্ভাৱনা আছে । ব্যৱসায়ত বেয়া দেখা নাযায় । বে-চৰকাৰী চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত শুভত বাধা পাব পাৰে । শুভ ৰং বগা ।

তুলাঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব । পুৱা যাত্ৰা কৰিব পাৰে । আপোনাৰ শুভ ৰং সেউজীয়া । সহযোগী বন্ধুৰ পৰা আনন্দ পাব । শুভ ৰং বগা ।

বৃশ্চিকঃ অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব । স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য । যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে । গতিকে চাই-চিতি যাত্ৰা কৰিব । শুভ ৰং গুলপীয়া ।

ধনুঃ বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক স্থাপন । ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা । ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব । পুৱাৰ ভাগত কৰা যাত্ৰা শুভ হ’ব । শুভ ৰং ৰঙা ।

মকৰঃ এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল । কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ । বিদ্যাত যোগ বাঢ়িব । প্ৰেমত সমস্যাৰ সন্মুখীন হ’ব । শুভ ৰং ৰঙা ।

কুম্ভঃ ভাই-ভনীৰ পৰা সমাদৰ পাব । দিনটোত ধন কষ্ট পাব পাৰে । প্ৰেমত সতৰ্ক হ‌ওক । পুৰণা ব্যাধিয়ে কষ্ট দিব । বিদ্যাত বাধা । শুভ ৰং ৰঙা ।

মীনঃ ধনাগম বৃদ্ধি পাব । বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিশটোত শুভ হ’ব । যাত্ৰাৰ বাবে শুভ । ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব । শুভ ৰং বগা ।

Exit mobile version