পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলী কোকাত অসম দৰ্শন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ

নিম্নমানৰ কামৰে আঁচনিৰ ধন লুণ্ঠন কৰাৰ অভিযোগ আৰ টি আই কৰ্মীৰ

WhatsApp Image 2021 08 21 at 7.19.58 PM

পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলী কোকাত অসম দৰ্শন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ। নিম্নমানৰ কাম আৰু সামগ্ৰী ব্যৱহাৰেৰে আঁচনিৰ ধন লুণ্ঠন কৰাৰ অভিযোগ আৰ টি আই কৰ্মীৰ।

উল্লেখযোগ্য যে এছ অ পি ডি-ৰ অধীনত অসম দৰ্শন আচঁনিৰ জৰিয়তে ছয় কোটি ৪৩ লাখ ২২ হেজাৰ টকা ব্যয়ৰে কোকা বনভোজস্থলী তথা পৰ্যটকস্থলীৰ উন্নয়নৰ নামত এম/এছ এন এন কংষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠান এটাই পথ, বাহনস্থান, নৰ্দমাসহ পদপথৰ নির্মাণ কাৰ্য্য বিগত ২০২০ বৰ্ষৰ জুন মাহত আৰম্ভ কৰি এই বৰ্ষৰ মাৰ্চ মাহত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিছিল।

কিন্তু নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ পাছতেই ক্ৰমাৎ নৱ নিৰ্মিত পথটোৰ বিভিন্ন স্থানত জহি খহি ভাঙিবলৈ আৰম্ভ কৰিছে। গুৰুত্বপূৰ্ণ যে নিৰ্মাণ কাৰ্য্যত অতি নিম্নমানৰ চিমেণ্টৰ ব্লক ইটা ব্যৱহাৰ কৰাৰ বাবে নৱ নিৰ্মিত পথটো ভাঙিবলৈ ধৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মীৰ দলটোয়ে।

আনকি পথৰ দুয়োকাষে নৰ্দমাসহ পদপথ নির্মাণ কৰাৰ তথ্য আছে যদিও ঠিকাদাৰে কেৱল এফালেহে নৰ্দমাসহ পদপথ নির্মাণ কৰি নির্মাণ কার্য সামৰিছে বুলি প্ৰকাশ কৰাৰ লগতে বাহন ৰখা স্থানত ৰঙা আৰু হালধীয়া ৰঙৰ ব্লক ইটা ব্যৱহাৰৰ কৰাৰ পৰিবৰ্তে সাধাৰণ ব্লক ইটা ব্যৱহাৰ কৰি পাছত ৰং সানি অনিয়ম কৰিছে বুলিও ঠিকাদাৰ নৱ ডেকা, বিভাগীয় বিষয়া ক্ৰমে বিশ্বজিত চম, বুদ্ধ ৰংপি আৰু মধ্যভোগী দালালৰ বিৰুদ্ধে অভিযোগ তুলিছে আৰ টি আই কৰ্মীয়ে।

অৱশ্যে এই সন্দৰ্ভত জেৰিকীণ্ডিং থানাত এক গোচৰও ৰুজু কৰিছে আৰ টি আই কৰ্মীৰ দলটোয়ে।ইতিমধ্যে 05/2021, U/S 420/409/34 IPC নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version