কাঁটা তাঁৰৰ ওপৰেদি শিশুক দলিয়াইছে বিমানকোঠলৈ

দয়া কৰি আমাৰ সন্তানক ৰক্ষা কৰক ? কাতৰ আহ্বান মাতৃৰ : হিয়া ভৰা দৃশ্যই কন্দুৱালে কঠিন মানসিকতাৰ আমেৰিকান-ব্রিটিছ সেনাক

20afghanistan briefing airport baby videoSixteenByNine600 v2

শিশু সন্তানক বুকুত সাৱটি ধৰাৰ পৰিৱর্তে কাঁটাতাঁৰৰ ওপৰেদি বিমানকোঠৰ ভিতৰলৈ দলিয়াই দিছে বহু মাতৃয়ে। যাতে কোনাে অচিন দেশলৈ গুচি গ’লেও, ভৱিষ্যতে কোনাে দিনে দেখা নাপালেও তেওঁলােকৰ সন্তানৰ প্ৰাণৰক্ষা পৰে। আর্তনাদ কৰি তেওঁলােকে আহ্বান জনাইছে, ‘মােৰ সন্তানক অন্ততঃ আপােনালােকে ৰক্ষা কৰক। ‘কাবুল বিমানকোঠৰ এনে মর্মান্তিক তথা অকল্পনীয় দৃশ্যই আনকি কঠিন মানসিকতাৰ বাবে পৰিচিত আমেৰিকান আৰু ব্রিটিছ সেনাৰ দুচকুও সজল কৰি তুলিছে।

অৱশ্যে এইদৰে কাঁটাতাঁৰ পাৰ কৰি দিয়া এটি সাতমহীয়া শিশুক সম্প্রতি পিতৃৰ হাতত তুলি দিয়া হৈছে। উল্লেখ্য যে কাবুল বিমানকোঠৰ একাংশ সম্প্রতি নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকা আৰু ব্রিটেইনৰ সেনাই কাঁটাতাঁৰেৰে ঘেৰি ৰাখিছে। সেই তাঁৰৰ বেৰাৰ সিপাৰে দিনে-নিশাই ভিৰ কৰি আছে শ শ সাধাৰণ মানুহ। তালিবানে দখল কৰা আফগানিস্তানৰ পৰা পলায়নৰ বাবে তেওঁলােকে বিমানকোঠত প্রৱেশ কৰিবলৈ আপ্রাণ চেষ্টা চলাই আছে।

নিজে বিমানকোঠত প্ৰৱেশ কৰিব নােৱাৰি অন্ততঃ নিজৰ শিশু সন্তানকে বিমানকোঠত প্ৰৱেশ কৰিবলৈ দিয়াৰ বাবে সেনাবাহিনীৰ জোৱানসকলক প্রার্থনা জনাইছে একাংশ মহিলাই। ভিৰৰ মাজৰ পৰাই কাঁটাতাঁৰৰ ওপৰেদি সেনাৰ ফালে দলিয়াই দিছে নিজৰ সন্তানক। লগতে চিৎকাৰ কৰি আহ্বান জনাইছে যাতে নিজৰ সন্তানকে অন্ততঃ কোনােবাই নিৰাপদে নি আন দেশত ৰাখেগৈ।

এই হৃদয়বিদাৰক দৃশ্য দেখি আনকি আমেৰিকান আৰু ব্রিটিছ সেনাৰ বিষয়া-জোৱানসকলকে নিজৰ চকুপানী ধৰি ৰাখিব নােৱাৰিলে। এই শিহৰণকাৰী তথা হিয়া ভগা ঘটনা বর্ণনা দিবলৈ গৈ সংবাদ মাধ্যমৰ সন্মুখতে কান্দোনত ভাঙি পৰে এজন ব্রিটিছ সেনা বিষয়া। এক আন্তর্জাতিক সংবাদ মাধ্যমক সমগ্ৰ পৰিস্থিতিৰ বর্ণনা দিয়াৰ সময়ত সেনা বিষয়াজন বাৰে বাৰে ভাঙি পৰা পৰিলক্ষিত হয়। কান্দি কান্দি সেনা বিষয়াজনে কয়, ‘পুৱা দায়িত্বত থকা অৱস্থাত কাঁটাতাঁৰৰ সিপাৰৰ পৰা শিশুসকলক দলিয়াই দিয়া দেখিছাে।

নিশা উভতি আহােতে মােৰ পৰিয়াললৈ মনত পৰিছিল। সন্তানৰ কথা মনত পৰিছিল। বিশ্বাস নকৰিব, মই দেখিছিলাে এনেকৈ দলিয়াই দিওঁতে কাৰােবাৰ সন্তান সেই কাঁটাতাঁৰত লাগি উলমি আছিল। এই দৃশ্য কোনােদিনেই পাহৰিব নােৱাৰিম।’ এইদৰে কৈয়েই তেওঁ ক্রন্দনত ভাঙি পৰে। সেনা বিষয়াজনে লগতে কয় যে মহিলাসকলে নিজৰ সন্তানক দলিয়াই দি ভিতৰত থকা সেনাৰ জোৱানসকলক ধৰিবলৈ কৈছিল। লগতে কৈছিল আন বিমানত তুলি দিবলৈ। যাতেকোনাে মতে যদি সন্তানৰ প্ৰাণৰক্ষা পৰে বুলিও তেওঁ কয়।

অৱশ্যে শিশুসকলক উদ্ধাৰৰ ক্ষেত্ৰত আৰু সাহায্য কৰা সম্ভৱ নহয় বুলি জনাইছে আমেৰিকাই। উল্লেখ্য যে তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা কাবুলৰ বিমানকোঠৰ চৌহদত অসংখ্য লােকে জীৱন ৰক্ষাৰ বাবে আপ্রাণ চেষ্টা কৰা দেখা গৈছে। দিনে-নিশাই কেৱল আর্ত মানুহৰ চিকাৰ, হাহাকাৰ আৰু ক্রন্দনৰ শব্দ। সেই শব্দই ঢাকি ৰাখিছে আন সকলাে শব্দকে। প্রতিদিনে পুৱাৰ পৰাই মানুহে কাবুল বিমানকোঠলৈ দৌৰি যায়। বিমানকোঠৰ সন্মুখত ভিৰ কৰে। অৱশেষত বিমানকোঠত প্ৰৱেশ কৰিব নােৱাৰি নিশা পুনৰ উভতি আহে।

নিশা ৰাস্তাতেই কটায় প্রাণটো হাতত লৈ। পাছদিনা পুৱাই আকৌ আৰম্ভ হয় বিমানকোঠত প্রৱেশৰ আপ্রাণ চেষ্টা। উল্লেখ্য যে এইদৰে এটি কণমানি শিশুক মাতৃৰ আহ্বানত আমেৰিকাৰ সেনা জোৱান এজনে এখন হাতেৰে দাঙি নিজৰ জিম্মত লােৱাৰ এক ভিডিঅ’ও ভাইৰেল হৈছিল। সম্প্রতি আমেৰিকান সেনাৰ তৰফৰ পৰা সাতমহীয়া শিশুটিক প্রয়ােজনীয় চিকিৎসা কৰােৱাৰ পাছত পিতৃৰ হাতত তুলি দিয়া হৈছে।

শনিবাৰে এই কথা সদৰী কৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র জন কিৰবিয়ে। মুখপাত্ৰজনে কয়, ‘সেনাৰ হাতত তুলি দিয়াৰ সময়ত শিশুটি বৰ অসুস্থ বুলি পিতৃ-মাতৃয়ে জনাইছিল। শিশুটিৰ যাতে পৰিচর্যা কৰা হয়। ইয়াৰ পাছতে বিমানকোঠৰ ভিতৰতে থকা চিকিৎসালয়ত শিশুটিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সুস্থ হােৱাৰ লগে লগে শিশুটিক তাৰ পিতৃৰ হাতত তুলি দিয়া হৈছে। ‘এই ঘটনাত সেনা জোৱানসকলৰ সহানুভূতি আৰু মানৱীয়তাৰ প্রশংসা কৰি কিৰবিয়ে লগতে কয় যে শিশুচি সম্প্রতি ক’ত আছে, সেই বিষয়ত তেওঁ অৱগত নহয়।

Exit mobile version