ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্টুপীয়াকৈ ৰাখীবন্ধন উৎসৱ পালন

WhatsApp Image 2021 08 22 at 6.13.56 PM

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী ৰাজহ চক্রৰ অধীন ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনত আজি অনুষ্টুপীয়াকৈ ৰাখীবন্ধন উৎসৱ পালন কৰে। উক্ত ৰাখীবন্ধন অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ধ্বজ উত্তোলন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সক্ৰিয় কৰ্মকৰ্তা নলিন চন্দ্র বৰ্মনে, বন্তি প্ৰজ্বলন কৰে ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য জীৱন কৃষ্ণ পালে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাওৰাগুৰী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ নৱ নিযুক্ত সভাপতি দেবাশীষ সাহা, সাধাৰণ সম্পাদক জয়ন্ত বৰ্মন, কোষাধ্যক্ষ সুনীল কুমাৰ বৰ্মন, উপ প্ৰধান আচাৰ্য কাৰ্তিক বৰ্মন, প্ৰাক্তন সম্পাদক নাৰায়ণ সূত্রধৰ আৰু অইন অইন আচাৰ্য আচাৰ্যাসকলৰ লগতে ছাত্র-ছাত্রীসকল।

ৰাখীবন্ধন অনুষ্ঠানত উপস্থিত থাকি উপ প্ৰধান আচাৰ্য কাৰ্তিক বৰ্মনে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে প্ৰতি বছৰে নিকেতনত বহুত ধুম-ধামেৰে ৰাখীবন্ধন উৎসৱ পালন কৰা হয় । কিন্তু যোৱা দুবছৰৰ পৰা ক’ভিড-১৯ৰ কাৰণে অনুষ্টুপীয়াকৈ পালন কৰি অহা হৈছে ।

Exit mobile version