‘সকলো সময়তে একে লগে থাকিম’,পৱিত্ৰ ৰাখী বন্ধনৰ দিনাই আবেগিক প’ষ্ট সুশান্ত সিঙৰ ভগ্নীৰ

2ku2h89 sushant singh rajput shweta

আজি পবিত্ৰ ৰাখী বন্ধন। আজিৰ এই দিনটোতে অভিনেতা সুশান্ত সিং ৰাজপুতক মনত পেলাই ছ’চিয়েল মিডিয়াত আৱেগিক হৈ পৰিল ভগ্নী শ্বেতা সিং কৃতি ।

শ্বেতায়ে ভাতৃ সুশান্ত স’তে শৈশৱৰ এখন ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল। ফটোখনৰ তলত তেওঁ লিখিছে ‘ লাভ ইউ ভাই’ আমি সদায় একেলগে থাকিম’।

যোৱা বছৰ সুশান্ত সিং ৰাজপুতে ১৪ জুনত হঠাত মুম্বাইৰ ফ্লেটত আত্মহত্যা কৰিছিল। তেওঁৰ মৃত্যুক তেওঁৰ পৰিয়ালকে ধৰি অনুৰাগীসকলে সহজে গ্ৰহণ কৰিব পৰা নাই। সুশান্তৰ অনুৰাগীসকলে এতিয়াও সামাজিক মাধ্যমত তেওঁৰ বাবে ন্যায়ৰ বাবে মাত মাতে।

শ্বেতা সিং কৃতিয়ে প্ৰায়ে তেওঁৰ ভায়েকৰ স্মৃতিত পুৰণি ফটো পোষ্ট কৰে কিন্তু ৰাখী বন্ধনৰ বিশেষ মুহূৰ্তৰ, তেওঁলোকৰ ছবিখনে নেটিজেনসকলক আবেগিক কৰি তুলিছে।

Exit mobile version