ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন সংযোগ ল’বলৈ হ’লে এতিয়া আপুনাৰ হাতত থকা ফোনটোৰ মাত্ৰ এটা মিছড্ কল দিলেই হ’ব । এই অভাৱনীয় সুযোগ আগবঢ়াইছে দেশৰ বৃহত্তম গেছ উৎপাদনকাৰী সংস্থা ইণ্ডিয়ান অইলে । ইণ্ডিয়ান অইল কনেকচন বা চমুকৈ আই অ’ চিৰ অধ্যক্ষ এছ এম বৈদ্যই শেহতীয়াকৈ এই নতুন সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । দেশৰ প্ৰত্যেকটো প্ৰান্তৰ গ্ৰাহকে যাতে মাত্ৰ এটা মিছড্ কল দিয়েই খুব সহজতে এল পি জি চিলিণ্ডাৰ লাভ কৰিব পাৰে তাৰ উদ্দেশ্যেই সংস্থাটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে । এই সেৱা মুকলি হোৱাৰ ফলত গ্ৰাহকে অলপো সময়ে অপেক্ষা নকৰাকৈয়ে বা ৰন্ধন গেছৰ ডীলাৰৰ সন্মুখত দীঘলীয়া শাৰী নপতাকৈয়ে ঘৰতে বহি নতুন সংযোগ লাভ কৰিব পাৰিব ।
আইঅ’চিয়ে জাৰি কৰা তথ্য অনুসৰি, ৮৪৫৪৯৫৫৫০৫ নম্বৰত মিছড্ কল দিলেই গ্ৰাহকৰ ঠিকনালৈ তাৎক্ষণিকভাৱে এলপিজিৰ নতুন সংযোগ প্ৰেৰণ কৰা হ’ব । এই সেৱাৰ সমান্তৰালভাৱে সংস্থাটোৱে মাথোন এক উদ্যোগো আৰম্ভ কৰিছে যাৰ নাম ‘ডাবল বটল কানেকটনৰো ডিবিচি । এই ডিবিচি সেৱাৰ আওতাত এলপিজি ডেলিভাৰী কৰাসকলে গ্ৰাহকক তেওঁলোকৰ নিজৰ পুৰণি ছিংগল বটল চিলিণ্ডাৰৰ বিনিময়ত ডাবল বটল চিলিণ্ডাৰ প্ৰদান কৰিব । অৰ্থাৎ, এজন গ্ৰাহকে খুব সহজভাৱে নিজৰ পুৰণি ১৪.২ কিলো ওজনৰ চিলিণ্ডাৰ ঘূৰাই দি ডেলিভাৰী কৰ্তাৰ পৰা পাঁচ কিলো ওজনৰ নতুন চিলিণ্ডাৰ লাভ কৰিব ।
ইণ্ডিয়ান অইল কৰ্প’ৰেছনৰ এই উদ্যোগৰ ফলত কাৰ্যতঃ ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰাটো গ্ৰাহকৰ বাবে মূৰৰ কামোৰণি নহৈ সহজ প্ৰক্ৰিয়া হৈ উঠিব । এলপিজিৰ নতুন সংযোগৰ লগতে গেছ বুকিং প্ৰক্ৰিয়াটোকে সহজ কৰাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছে এই সংস্থাটোৱে । গ্ৰাহকসকলে যাতে অনলাইনযোগে গেছ বুক কৰি তাৰ বিল পৰিশোধো কৰিব পাৰে তাৰ বাবে ৭৫৮৮৮৮৮৮২৪ নম্বৰত হোৱাটছএপৰ মাধ্যমেদি বুক কৰাৰ সুবিধা প্ৰদান কৰিছে সংস্থাটোৱে । লগতে বিল পৰিশোধৰ বাবে ভাৰত বিল পেমেণ্ট ছিষ্টেমৰ সুবিধা আগবঢ়াইছে গ্ৰাহকলৈ ।