বৰশীত উঠিল ৰূপৰ সৰ্প

WhatsApp Image 2021 08 23 at 6.04.49 PM

নগাঁও জিলাৰ চকৰিগাঁৱত এজন লোকে বৰশী বাওতে পানীৰ পৰা ৰূপৰ সৰ্প উঠি অহা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সূত্ৰ অনুসৰি চকৰী গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কলঙৰ পাৰতে এটা শিৱ মন্দিৰ আছে । এই শিৱ মন্দিৰৰ কাষতে আছে এটা পকী ঘাট ।

কালি স্থানীয় এজন লোকে এই পকী ঘাটটোতে বৰশী বাই থাকোতে লোকজনৰ বৰশীত এটা ৰূপৰে নিৰ্মিত সাপ উঠে ।আজিও মনি ৰাজবংশী নামৰ লোকজনে অনুৰূপ ধৰণৰে বৰশী বাওতে বৰশীত ৰূপৰে নিৰ্মিত সাপ উঠে ।

স্থানীয় লোকে ৰূপৰে নিৰ্মিত সাপ দুটা মন্দিৰত অৰ্পণ কৰিছে বুলি জানিব দিয়ে ।উল্লেখযোগ্য ৰূপৰে নিৰ্মিত সাপ দুটা চাবলৈ স্থানীয় ৰাইজে মন্দিৰত ভিৰ কৰেহি । কলঙৰ পানীৰ পৰা কেনেদৰে ৰূপৰ সাপ দুটা বৰশীত উঠি আহিল এই কথাই ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে ।

অৱশ্যে একাংশ লোকে মন্দিৰত কোনো লোকে দান দিয়া ৰূপৰ সাপ কলঙৰ বানত উটি যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ।কিয়নো কলঙত পানী বাঢ়িলে মন্দিৰটোৰ কিছু অংশত পানী সোমাই । বহু লোকে সাপ দুটা পূজা অৰ্চনাও কৰিছে ।

Exit mobile version