২৮ হেজাৰ ফুট উচ্চতাত প্ৰসৱ বেদনা শৰণার্থী আফগান মহিলাৰ

340558 us

আফগানিস্তানৰ অৱস্থা সম্প্রতি ইমানেই ভয়াৱহ হৈ পৰিছে যে প্রসৱ আসন্ন বুলি জানিও আতংকত দেশ ত্যাগৰ বাবে উদ্বাউল হৈ পৰিছে অন্তঃসত্ত্বা মহিলাও। এনে এগৰাকী দেশত্যাগী আফগান মহিলাই বিমানকোঠতে সন্তান জন্ম দিবলগীয়া হল।

প্রায় ২৮ হেজাৰ ফুট উচ্চতাত উৰন্ত বিমানৰ ওপৰতে হৈছিল আসন্নপ্ৰসৱাৰ প্ৰসৱ বেদনা। আমেৰিকাৰ বায়ুসেনাই এই তথ্য সদৰী কৰিছে। উল্লেখ্য যে আমেৰিকাৰ সেনা জোৱানৰ সহযােগতে উক্ত আফগান মহিলাই সন্তান প্রসৱ কৰে।

আমেৰিকাৰ বায়ুসেনাই দেওবাৰে টুইট কৰি জনাইছিল যে তেওঁলােকৰ বিমানত উঠি আফগান অন্তঃসত্ত্বা মহিলাগৰাকীয়ে পৰিয়ালৰ স’তে পলায়ন কৰিছিল। বিমানখনে আকাশত উৰাৰ কিছু সময়ৰ পাছতে মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয়।

সেই সময়ত বিমানখন আছিল ২৮ হেজাৰ ফুট উচ্চতাত। বিমানৰ ভিতৰত বায়ুচাপ যথেষ্ট কম থকাৰ ফলত আসন্নপ্রসৱাই প্ৰৱল শ্বাস-প্রশ্বাসৰ কষ্টত ভুগিছিল। ক্ৰমাৎ তেওঁৰ উশাহ বন্ধ হৈ পৰাৰ উপক্রম ঘটিছিল।

তাকে দেখি আমেৰিকান বায়ুসেনাৰ পাইলটে দ্রুতগতিৰে বিমানৰ উচ্চতা হ্রাস কৰে, যাতে বিমানৰ ভিতৰত বায়ুচাপৰ পৰিমাণ বৃদ্ধি পায়। তেতিয়াও গন্তব্যস্থান জার্মানীত থকা আমেৰিকাৰ বায়ুসেনাৰ শিবিৰৰ পৰা বহু দূৰতে আছিল চি-১৭ বিমানখন।

অৱশ্যে দ্রুতগতিৰে আকাশীপথ অতিক্রম কৰি বিমানখনে জার্মানীৰ ৰেমষ্টিন এয়াৰবেছত অৱতৰণ কৰিবলৈ সক্ষম হয়। বিমানখন মাটিত নমাৰ লগে লগেই সন্তান প্রসৱ কৰে আফগান মহিলাগৰাকীয়ে।

আমেৰিকাৰ সেনাবাহিনীৰ জোৱানসকলেই তেওঁক প্ৰসৱত সহায় কৰে। ইয়াৰ পাছতে মাতৃ-সন্তানক লৈ যােৱা হয় ৰেমষ্টিন এয়াৰবেছৰ সমীপৰ এক হাস্পতাললৈ। মাতৃ আৰু সন্তান সম্প্রতি সুস্থ বুলিয়েই টুইটত জনাইছে আমেৰিকান বায়ুসেনাই।

Exit mobile version