মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়লৈ তাঁত-বাতি কৰি ৰাইজে ভুগিছে দুৰ্ভোগ

গোলাঘাট জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা মৰঙি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে সম্প্রতি ৰাইজক ভোগাইছে চৰম দুৰ্ভোগ। ইয়াকে লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, চক্ৰ বিষয়াৰ কাৰ্যালয়টোলৈ বৃহত্তৰ মৰঙি মৌজাৰ ৰাইজে বিভিন্ন কাম লৈ যোৱা তিনিমাহে তাঁত-বাতি কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

কিয়নো, কাৰ্যালয়টোত বিভিন্ন ধৰণৰ মাটিৰ কাম-কাজ, উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আদিৰ বাবে আবেদন কৰাৰ পাছতো মাহ মাহ ধৰি কাম কৰি নিদিয়াৰ ফলত কাৰ্যালয়টোলৈ বাৰে বাৰে আহিও বিমুখ হ’ব লগা অৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।

এই সংক্ৰান্তত সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰাত ইণ্টাৰনেট সংযোগৰ দুখ বুলি বিষয়টোৰ পৰা আঁতৰি থকাৰ চেষ্টা চলায় বুলিও একাংশ লোকে প্ৰকাশ কৰে।

এনে ক্ষেত্ৰত সাংবাদিকৰ এটা দলে কাৰ্যালয়টোত উপস্থিত হোৱাত আও পুৰণি ‘ভাৰত সঞ্চাৰ নিগম লিমিটেড’ৰ ইণ্টাৰনেট সেৱা থকাৰ বাবে সময়ত ইণ্টাৰনেট সংযোগ নোহোৱাৰ বাবে সময়মতে কাম-কাজ সমূহ সম্পাদন কৰিব নোৱাৰে বুলি অৱগত কৰে।

এনে ক্ষেত্ৰত, অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ গুৰুত্ব বুজি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী ৰাইজে আহ্বান জনাইছে।

Exit mobile version