ৰাষ্ট্ৰীয় দুর্যোগ প্ৰতিৰােধ কর্তৃপক্ষৰ সকীয়নি

অক্টোবৰত তৃতীয় ঢৌৱে শীর্ষত আৰহণ কৰিব, ৰেহাই নাপাব শিশুৱেও

দেশত ক’ভিডৰ দ্বিতীয়টো টৌ মাৰ নৌযাওঁতেই বিশেষজ্ঞসকলে সকীয়নি দিলে যে অচিৰে ভাৰতত ক’ৰনা সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আগমন ঘটিব। বিশেষজ্ঞৰ শংকা অনুসৰি অহা অক্টোবৰত ক’ভিডৰ তৃতীয় ঢৌৱে শীৰ্ষত আৰােহণ কৰাৰ সম্ভাৱনা আছে। এইবাৰ প্রাপ্তবয়স্কৰ লগতে শিশুসকলৰ মাজতাে কৰনাৰ সংক্রমণে ভয়াৱহ ৰূপ লােৱাৰ শংকা আছে। কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নির্দেশঅনুসৰি, ৰাষ্ট্ৰীয় দুর্যোগ প্ৰতিৰােধ কর্তৃপক্ষৰ তত্ত্বাৱধানত গঠিত এখন সমিতিয়ে নিজৰ প্রতিবেদনত ক’ভিডৰ তৃতীয় টৌৰ সন্দৰ্ভত এইদৰে উল্লেখ কৰিছে।

এই প্রতিবেদনত সমিতিখনে দাবী কৰা অনুসৰি, ভাৰতত ইতিমধ্যে ক’ভিডৰ সংক্ৰমণৰ তৃতীয়টো টৌ বিয়পি পৰিছে। জুলাইৰ অন্তিম সপ্তাহৰ পৰা দেশত ক’ভিডৰ ‘আৰ ভেল্যু’ একৰ ঊৰ্ধত আছে আৰু ইয়াৰ পৰাই সংক্ৰমণৰ তৃতীয়টো টৌ আৰম্ভ হােৱা বুলি নিশ্চিত হৈছে। প্ৰসংগত উল্লেখ্য যে এজন আক্রান্তৰ পৰা কিমানজুন ব্যক্তি আক্রান্ত হৈছে, তাক সূচিত কৰা হয় ‘আৰ ভেল্যু’ৰ জৰিয়তে।

সমিতিখনে ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত হােৱা ভুলৰ পৰা শিক্ষা গ্রহণ কৰিবলৈকো পৰামর্শ দিছে। ক’ভিডৰ তৃতীয়টো ঢৌ প্ৰতিৰােধৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব বুলি পৰামর্শ দি সমিতিখনে উল্লেখ কৰা অনুসৰি, তৃতীয় ঢৌৰ সময়ত যদি বিপুলসংখ্যক শিশু সংক্রমিত হয়, তেন্তে এইসকল শিশুৰ চিকিৎসাৰ বাবে যিমানসংখ্যক চিকিৎসক, স্বাস্থ্যকর্মী, চিকিৎসাৰ সৰঞ্জাম আৰু আন্তঃগাঁথনিৰ প্রয়ােজন, বর্তমানে দেশত সেয়া উপলব্ধ হােৱা নাই। এই বিষয়টোৰ প্রতি বিশেষভাৱে দৃষ্টি ৰাখিবলৈ পৰামর্শ দিলে বিশেষজ্ঞৰ সমিতিখনে।

দেশৰ প্রাথমিক স্বাস্থ্য কেন্দ্রসমূহত শিশু চিকিৎসক বিশেষজ্ঞৰ ৮২ শতাংশ সম্প্রতি নাটনি ঘটিছে। নানা ধৰণৰ অসুখ-বিসুখ (ক’মবিৰ্ডিটি) থকাৰ ফলত ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ক’ৰনাত আক্রান্ত হােৱা ৬০-৭০ শতাংশ শিশুক হাস্পতালত ভর্তি কৰিব লগা হৈছিল। ক’ভিডত সুস্থ হােৱাৰ পাছত এইসকল শিশুৰ মাজত বহুসংখ্যকৰ বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিছিল।

এই দিশটোৰ প্রতি লক্ষ্য ৰাখি বিশেষজ্ঞৰ দলটোৱে প্রতিবেদনত তৃতীয় ঢৌৰ সময়ত দেশত বিপুলসংখ্যক শিশু কৰ’নাত আক্রান্ত হলে তেওঁলােকক সুচিকিৎসা প্রদানৰ বাবে স্বাস্থ্যখণ্ডত প্রয়ােজনীয় আন্তঃগাঁথনি গঢ়ি তুলিবলৈ পৰামর্শ দিছে। কেন্দ্রীয় চৰকাৰক পৰামর্শ দি সমিতিখনে কয় যে শিশুৰ বাবে চিকিৎসাৰ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ লগতে ‘ক’মবিৰ্ডিটি’ থকা শিশুৰ টিকাকৰণত বিশেষ গুৰুত্ব দিব লাগিব।

দেশৰ প্রাপ্তবয়স্কসকলে ইতিমধ্যে প্রতিষেধক লাভ কৰিছে যদিও ভাৰতৰ শিশুৰ টিকাকৰণ এতিয়াও গৱেষণামূলক পর্যায়তে আছে। সেয়েহে কৰনাৰ সম্ভাৱ্য তৃতীয়টো ঢৌৰ সংক্ৰমণক লৈ বিশেষজ্ঞৰ সমিতিখনে শংকা প্রকাশ কৰি কয় যে অচিৰে ভাৰতত বিশেষকৈ বিভিন্ন অসুখ-বিসুখত আক্রান্ত তথা ৰােগ প্ৰতিৰােধক ক্ষমতা দুর্বল শিশুসকলৰ টিকাকৰণ আৰম্ভ কৰাটো জৰুৰী হৈছে।

অৱশ্যে একাংশ বিশেষজ্ঞৰ দাবী অনুসৰি, সংক্রমণৰ সম্ভাৱ্য তৃতীয় টৌত শিশুসকল আক্রান্ত হলেও এই ভাইৰাছে শিশুৰ শৰীৰত গুৰুতৰ প্ৰভাৱ পেলাব নােৱাৰিব। অৱশ্যে শিশুৰ পৰা আন লােকৰ শৰীৰলৈ ক’ভিডৰ ব্যাপক সংক্রমণৰ যথেষ্ট শংকা আছে। বিশেষজ্ঞৰ সমিতিখনে শিশুৰ বাবে চিকিৎসালয়ত ঘৰুৱা পৰিবেশত চিকিৎসা প্রদান প্রয়ােজনীয় আন্তঃগাঁথনি নির্মাণ কৰা উচিত।

তদুপৰি দেশৰ স্বাস্থ্যকেন্দ্রসমূহত অতি সােনকালে শিশুৰােগ বিশেষজ্ঞক নিয়ােগ কৰিবলৈকো বিশেষজ্ঞ সমিতিখনে পৰামর্শ দিছে। এই প্রতিবেদন প্রকাশৰ পাছতে দেশৰ বিভিন্ন অঞ্চলত ক’ভিডক কেন্দ্র কৰি নতুন শংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে অক্টোবৰৰ পৰাই দেশত বিভিন্ন উৎসৱৰ বতৰ আৰম্ভ হয়। দুর্গা পূজা, দীপাৱলী আদিৰ দৰে কেবাটাও উৎসৱ এই সময়ত দেশত পালন কৰা হয়।

উৎসৱৰ এনে বতৰতে দেশত কৰ’নাৰ নতুন সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিলে পৰিস্থিতি অধিক জটিল হ’ব বুলিও একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে। উল্লেখ্য যে গাণিতিক মডেলত নিৰ্ভৰ কৰি অলপতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজী (আই আই টি)ৰ গৱেষকে এক অধ্যয়নত দাবী কৰিছিল যে অক্টোবৰত দেশত ক’ভিডৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে চূড়ান্ত শিখৰত আৰােহণ কৰিব পাৰে।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নিৰ্দেশত গঠিত বিশেষজ্ঞৰ সমিতিয়েও নিজৰ গৱেষণামূলক অধ্যয়নত অক্টোবৰতে ভাৰতত ক’ভিডৰ তৃতীয়টো ঢৌৱে সবাতােকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি শংকা প্রকাশ কৰিলে।

Exit mobile version