কলগাছিয়াৰ আনিছুৰ ৰহমান নামৰ এজন শিক্ষকে চাহৰ দোকানত ক’ভিড ভেকচিনৰ কুপন বিক্ৰী কৰা বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই আজি বিভাগীয় কতৃপক্ষই ক’ভিড ভেকচিন কেন্দ্ৰটো সাময়িক বাবে বন্ধ কৰি দিয়ে।
ফলত আন এটা কেন্দ্ৰত ৰাইজৰ হেতাওপৰা লাগিছে ভেকচিন ল’বলৈ। ধোঁৱাচাঙত ক’ভিড প্ৰট’কল। নাই কোনো সামাজিক দূৰত্ব। বহুতো মানুহে বঞ্চিত হ’বলগীয়া হৈছে ভেকচিন লোৱাৰ পৰা।
এই সন্দৰ্ভত কলগাছিয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ভেকচিন কেন্দ্ৰত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।
লগতে তেওঁ ভেকচিনৰ কুপন বিক্ৰী কৰা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও জানিবলৈ দিয়ে আৰু কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয় কতৃপক্ষই এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে।