গোসাঁইগাঁৱত চোৰাং গৰুসহ মাৰুতি ভান জব্দ,নিশা চাৰি চকীয়া বাহনেৰে গৰু সৰবৰাহ

c6a96633 6b8c 4952 bd10 c88470311987

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে নিশা অভিযান চলাই চাৰিটা গৰুসহ এখন মাৰুতি ভান জব্দ কৰে।

এ এছ-১৬-এ-০০২৬ নম্বৰৰ মাৰুতি ভানখনৰ ভিতৰত চাৰিটা গৰু বস্তাৰে মেৰিয়াই ধুবুৰী অভিমুখে গৈ থকা সময়ত আৰক্ষীয়ে বাহনখন ৰখিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু গৰুৰ চোৰাং বেপাৰীয়ে আৰক্ষীক দেখা পাই মাৰুতিভান খন নাৰাখি তীব্ৰ বেগেৰে গোসাঁইগাঁবৰ অভিমুখে যাবলৈ ধৰাত আৰক্ষীয়ে পিছে পিছে খেদি গৈ গৰু সহ গাড়ীখন জব্দ কৰে যদিও কোনো লোকক আটক কৰিব পৰা নাই।

উল্লেখ্য যে, নিশা হলেই অসম-বংগ সীমান্তৰে গৰু সৰবৰাহ হয়।কেতিয়াবা জল পথেৰে আৰু কেতিয়াবা বিভিন্ন বাহনত ভৰ্তি কৰি চোৰাং বেপাৰী সকলে গৰু সমূহ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ বিভিন্ন পথেৰে বাংলাদেশ সীমান্ত লৈ সৰবৰাহ কৰে।

Exit mobile version