দিনটোৰ ৰাশিফল

Horoscope 4 0

মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূর্তিৰ প্রতি আপােনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া-বাৰুৰ কথা-বতৰা আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল।

বৃষ :কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হলেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যতাে তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কর্কট : মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্ৰমণত কষ্ট। নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব। বাধা দুই-এটা আছে।

সিংহ : কোনাে স্বভাৱগত তেজস্বিতা কাৰাে আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতাে কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

কন্যা : কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সন্তানৰ চিন্তা আত বিচাৰি নাপাব। বিদ্যাত উন্নতি।

তুলা : কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনাে সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যােৱা টান হ’ব। কিন্তু নতুন এটা কৰি দেখুৱাৰাে হাবিয়াস আছে।

বৃশ্চিক : কার্যকৰী সংযােগত অনুকূল। আর্থিকতাে আশাপদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনােবল বঢ়াওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব। পঢ়াত মধ্যম। হঠাৎ কোনাে সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা
নানিব।

ধনু : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমানৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাত চিন্তা কম যদিও ব্যৱস্তা থাকিব। পিছবেলা বিবিধ উন্নতি।

মকৰ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতে মন চঞ্চল হ’ব পাৰে কোনাে খবৰত বৰ সুখী নহ’ব পাৰে। আর্থিকতাে চিন্তা। কিবা নতুন চেষ্টা বাবে মনলৈ সাহস গােটাব পাবি। প্ৰেমত শুভ।

কুম্ভ : পিছবেলা কোনাে ক্ষেত্ৰ নিৰাশা হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছু ওলােটা ফল দেখিব। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক! দাম্পত্য মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নােৱাৰিব।

মীন : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়।নিজে ভবা মতে সকলাে দিশেই দুৱাৰ খােলা নাপাব। শৰীৰ সম্পর্কেও সচেতন থাকক। ভ্রমণাদিত একেবাৰে অন্য মনস্ক হব। দুষ্ট চিন্তা নকৰিব।

Exit mobile version