নিশাটোৰ ভিতৰতে ১০ গুণ পর্যন্ত মূল্যবৃদ্ধি হিজাব-বােৰ্খাৰ

Why is a Burqa and Hijab banned in most European Countries

আফগানিস্তানত এতিয়া আকাশলংঘী হৈছে হিজাব, বােৰ্খা, পাগুৰিৰ দাম। একাংশ স্থানত এতিয়া ব্যৱসায়ীয়ে বিপণী খুলি প্রায় ১০ গুণ অধিক মূল্যত বিক্ৰী কৰিছে হিজাব, বােৰ্খা ইত্যাদি। দৰাচলতে তালিবানৰ প্রত্যাৱর্তনৰ পাছত ফিগানিস্তানত সন্ত সাজ-পােছাকৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

কাবুল দখলৰ পূর্বেই তালিবানে হুংকাৰ দি কৈছিল যে আফগানিস্তানত পুনৰ শ্বৰীয়ত শাসন প্রৱর্তিত হ’ব আৰু দেশখনৰ সকলাে নাগৰিকে ইছলামিক বিধি মানি চলিব লাগিব। তালিবানে লগতে ঘােষণা কৰি কৈছিল যে মহিলাসকলে হিজাব পৰিধান কৰিব লাগিব আৰু পুৰুষ সংগী অবিহনে ঘৰৰ বাহিৰলৈ ওলাব নােৱাৰিব।

একেদৰে পুৰুষসকলকো তালিবানে দাঢ়ি দীঘলকৈ ৰাখিবলৈ, আফগান পােছাক পৰিধান কৰিবলৈ আৰু মছজিদলৈ গৈ নামাজ পাঠ কৰিবলৈ নিদের্শ দিছিল। যােৱা ১৫ আগষ্ট দিনা তালিবানে কাবুল দখল কৰাৰ পাছত আকৌ এবাৰ আফগানিস্তানত তালিবানী শাসন প্ৰৱর্তনৰ পথ প্রশস্ত হৈছিল।

তালিবানে শেহতীয়াভাৱে ঘােষণা কৰা অনুসৰি, আফগানিস্তানত গণতান্ত্রিক শাসন প্ৰৱৰ্তন কৰা নহ’ব আৰু দেশখনত শ্বৰীয়তৰ শাসন চলিব। তালিবান নেতাই লগতে ঘােষণা কৰা অনুসৰি, মহিলাসকলে বােখা পৰিধান কৰাটো বাধ্যতামূলক নহয় যদিও হিজাব পৰিধান কৰিবই লাগিব। তালিবানৰ এনে ঘােষণাৰ পাছতে সম্প্রতি দেশখনৰ বজাৰত বােৰ্খা, হিজাবৰ দৰে ইছলামিক পৰিধানৰ বিক্ৰী বৃদ্ধি পাইছে।

চাহিদাৰ সুযােগ লৈ একাংশ ব্যৱসায়ীয়ে হঠাতে ১০ গুণ অধিক মূল্যত এনেবােৰ ইছলামিক পৰিধান বিক্ৰী কৰিছে। তালিবানৰ প্রত্যাৱর্তনৰ পাছত স্বাভাৱিকতে পূর্ব তীক্ত অভিজ্ঞতাক সুঁৱৰি আফগান মহিলাসকল ত্রাসিত হৈছে। আমেৰিকাৰ সংবাদ মাধ্যম চি এন এনৰ আগত এগৰাকী আফগান মহিলাই কয় যে তেওঁৰ ঘৰত দুখন বােৰ্খা আছে, কিন্তু পৰিয়ালৰ মহিলা সদস্য তিনিগৰাকী।

দোকান-পােহাৰ বন্ধ হােৱাত বােখা আদি ক্ৰয় কৰাটো অসুবিধাজনক হৈছে আৰু যিসমূহ বিপণীত এনে পৰিধান আছে, তেওঁলােকে ১০ গুণ অধিক মূল্য দাবী কৰিছে। উপায়হীন হৈ এইগৰাকী আফগান মহিলাই তালিবানৰ ত্ৰাসত এতিয়া ঘৰৰ বিছনা চাদৰৰ পৰা বােৰ্খা তৈয়াৰ কৰাৰ পৰিকল্পনা লৈছে।

দ্বিতীয়বাৰ কাবুল দখলৰ পাছত তালিবানে আশ্বাস দি কৈছিল যে মহিলাসকলক বাহিৰত কাম-কাজ কৰাৰ পৰা বঞ্চিত ৰখা নহ’ব, কিন্তু শ্বৰীয়ত আইন অনুসৰিহে মহিলাই অধিকাৰ লাভ কৰিব। কিন্তু পূর্বৰ তালিবানৰ বৰ্বৰ শাসনৰ অভিজ্ঞতালৈ চাই তালিবান নেতাৰ এনে আশ্বাস বিশ্বাসত ল’ব পৰা নাই সৰহসংখ্যক আফগান মহিলাই।

তালিবানৰ প্রত্যাৱৰ্তনত আফগান পুৰুষসকলেও শংকা অনুভৱ কৰিছে। তালিবানী শাসনৰ প্রথম পর্বটোত আফগান পুৰুষসকলে মূৰত পাগুৰি মৰাটো বাধ্যতামূলক আছিল। এতিয়ালৈকে তালিবানে আফগান পুৰুষসকলক পাগুৰি মাৰিবলৈ নির্দেশ দিয়া নাই যদিও অতীতৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি সৰহসংখ্যক আফগান পুৰুষে সম্প্রতি পাগুৰি ক্ৰয়ৰ বাবে হেতা-ওপৰা লগাইছে।

এক অর্থত ক’বলৈ গ’লে, দ্বিতীয়বাৰ কাবুল দখল কৰি তালিবানে নিজৰ দৃষ্টিভংগী কিছু উদাৰ আৰু পৰিৱৰ্তিত হােৱা বুলি দাবী কৰিলেও সাধাৰণ আফগান নাগৰিকে এতিয়াও তালিবানৰ এনে দাবীক বিশ্বাস কৰা নাই। ফলত সৰহসংখ্যক আফগান পুৰুষ-মহিলাই সম্প্রতি বজাৰত ইছলামিক পৰিধান বিচাৰি ভিৰ কৰিছে।

Exit mobile version