অসম বিধান সভাৰ প্ৰেছ ৰিপ’ৰ্টাৰছ কমিটি নতুনকৈ গঠন

WhatsApp Image 2021 08 26 at 2.52.38 PM

অসম বিধান সভাৰ দ্বাৰা বিধিগতভাৱে স্বীকৃত অসম বিধান সভাৰ প্ৰেছ ৰিপৰ্টাৰছ কমিটিখন আজি নতুনকৈ আনুষ্ঠানিকভাৱে গঠন কৰা হয়। অসম বিধান সভাৰ নতুন বিধায়ক আৱাসৰ সভাকক্ষত অনুষ্ঠিত সাধাৰণ সভাত জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সভাপতি আৰু হবেন বুঢ়াগােহাঞিক সচিব হিচাপে সর্বসম্মতি ক্রমে বাছনি কৰা হয়।

সাধাৰণ সভাই সর্বসম্মতিক্রমে বাছনি কৰা কমিটিৰ আন বিষয়ববীয়া কেইগৰাকী হৈছে – উপ সভাপতি – চেমিম চুলতানা আহমেদ, মৌচমজ্যোতি বৈশ্য আৰু বিশ্বজিৎ দাস, সহঃ সচিব- মুন গােস্বামী, নয়ন প্রতীম কুমাৰ, বিকাশ সিং, অনিৰুদ্ধ ভকত চুতীয়া, অহিদুৰ ৰহমান খান (বাবা),  বীৰেশ্বৰ দাস আৰু মুকুট ৰয়।

জ্যেষ্ঠ সাংবাদিক প্রবীণ কলিতা, প্রাণজিৎ শইকীয়া, ৰাজকুমাৰ শৰ্মা, অমল গুপ্ত, ভৱেন ঘিমিৰে, মনােজ কুমাৰ নাথ, উৎপল বৰুৱা আৰু দুর্বা ঘােষক কমিটিখনৰ উপদেষ্টা হিচাপে মনােনীত কৰা হয়।

উল্লেখযােগ্য যে কমিটিখনৰ পূৰ্বৰ সভাপতি প্রাণজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পূর্বৰ কমিটিখন ভঙ্গ কৰি দিয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক মনােজ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ জৰিয়তে নতুন কমিটিখন উপস্থিত সমূহ সদস্যৰ সহমতত গঠন কৰা হয়।

ইপিনে তথ্য আৰু জনসংযােগ বিভাগৰ দ্বাৰা স্বীকৃতি প্রাপ্ত প্রতিটো দৈনিক সংবাদগোগাষ্ঠীৰ ন্যূনতম একোগৰাকী প্রতিনিধিক কমিটিখনৰ সদস্য হিচাপে অন্তর্ভুক্ত কৰা হ’ব বুলি আজিৰ সভাত সর্বসম্মতভাৱে সিদ্ধান্ত গ্রহণ কৰা হয়।

Exit mobile version