আপ চৰকাৰৰ যুক্তি : ১৮ বছৰত ভোট দিব পাৰে যদি সুৰাপানত আপত্তি কিয় ?

Arvind kejriwal 1200

দিল্লীৰ আম আদমী পার্টি (আপ)ৰ চৰকাৰে দেশৰ ৰাজধানী চহৰখনত সুৰাপানৰ আইনগত বয়স হ্রাস কৰাৰ নিজৰ সিদ্ধান্তৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে।

ADVERTISEMENT

উল্লেখ্য যে সুৰাপানৰ আইনগত বয়স হাস কৰাৰ আপ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন জনস্বার্থজড়িত আবেদনৰ সন্দৰ্ভত দিল্লী চৰকাৰলৈ ন্যায়ালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল।

আদালত দিল্লী চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দর্শাই কয়, ‘আজি দেশত ভােটদানৰ অধিকাৰ লাভৰ বয়স ১৮ বছৰ। ১৮ বছৰৰ অধিক বয়সৰ লােকে ভােট দিব পাৰে, কিন্তু সুৰাপান কৰিব নােৱাৰে।

এয়া মুঠেও বাস্তৱসন্মত সিদ্ধান্ত নহয়। কোনাে ব্যক্তিক সুৰাপানৰ অনুমতি দিয়াৰ অর্থ এইটো নহয় যে তেওঁক সুৰাপান কৰি গাড়ী চলােৱাৰ অনুমতি দিয়া হৈছে। ‘উল্লেখ্য যে দিল্লীত সুৰাপানৰ আইনগত বয়স পূর্বে ২৫ বছৰ আছিল যদিও আপৰ চৰকাৰে এই বয়স ২১ বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত লৈছিল।

Exit mobile version