কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল-নেপালপাৰাস্থিত ৰেচম অধীক্ষকৰ কাৰ্যালয়ৰ নতুন ভৱন আজি উদ্বোধন কৰা হয়৷
নৱ নিৰ্মিত কাৰ্যালয় ভৱনটো উদ্বোধন কৰে বিটিচিৰ ৰেচম বিভাগ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষক সজাগতা সভাৰ আয়োজন কৰা হয়৷
প্ৰাক্তন সঞ্চালক যোগেশ দেউৰীয়ে পৰিচলনা কৰা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিটিচি ৰেচম বিভাগৰ সঞ্চালক অঞ্জন চক্ৰৱৰ্তীয়ে৷ সভাত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ বাবে ৰেচম বিভাগটো যথেষ্ট গুৰুত্ব আছে৷
বিটিচি চৰকাৰে ৰেচম বিভাগৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰকাশ কৰে৷