মেধাবী ছাত্ৰী নন্দিতা শইকীয়াক ফকিৰাগ্ৰামত আমছুৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

1e6a9a75 f1ba 454d ac11 aace0a5cf250 1

ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ হিন্দী বিভাগৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুক লৈ গোটেই ৰাজ্য উত্তাল হৈ আছে ৷ বৃহস্পতিবাৰে মৃত নন্দিতাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত বিভিন্ন দল সংগঠনে বিভিন্ন ধৰনৰ কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ।

ঠিক তেনেদৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ণ চমুকৈ আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ো ফকিৰাগ্ৰামত সন্ধিয়া ছয় বাজি ৩০মিনিটত মেধাবী ছাত্ৰী নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগতে নন্দিতাৰ হত্যাকাৰীক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ।

আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আমিনুৰ ইছলাম , সাধাৰন সম্পাদক আব্দুল লতিফ আদিৰ লগতে জিলাৰ অধিন বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলোও উপস্থিত থাকে ।

Exit mobile version