মেষঃ কৰ্মক্ষেত্ৰত নানা সমস্যা হোৱাৰ সম্ভাৱনা । যাত্ৰা কৰোতে সতৰ্ক হোৱা উচিত । ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে ভাল । শুভ ৰং হালধীয়া ।
বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত । পূৱা গধূলি ভগৱানৰ নাম ল’ব । যাত্ৰাৰ বাবে দিনটো শুভ । নীলা ৰং ব্যৱহাৰ কৰক ।
মিথুনঃ ব্যৱসায়ত লাভবান হ’ব । প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে । যাত্ৰাৰ সুপৰীয়া ১২ বজাৰ পাছত কৰিব । শুভ ৰং বেঙুনীয়া ।
কৰ্কটঃ আয় অনুপাতে ঋণ বৃদ্ধি পাব । কৰ্মত সফলতা লাভ কৰিব । পূৱাৰ ভাগত যাত্ৰা কৰিব । সেউজীয়া ৰং শুভ ৰং বিদ্যাত শুভ ।
সিংহঃ সমাজত হেয় হ’ব পাৰে । আনৰ প্ৰতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব । পৰাপক্ষত যাত্ৰা নকৰাই ভাল । শুভ ৰং পাতল গুলপীয়া ।
কন্যাঃ কৰ্মক্ষেত্ৰত শুভ । পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত যাত্ৰা নকৰিব । প্ৰেম বাধা আহিব পাৰে । শুভ ৰং ৰঙা ।
তুলাঃ যাত্ৰা সাৱধানে কৰিব । পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব । সন্তানৰ স্বাস্থ্য লৈ চিন্তিত । কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । শুভ ৰং কমলা ।
বৃশ্চিকঃ অৰ্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব । যাত্ৰা কৰিব পাৰে । শুভ ৰং বগা । সন্ধিয়া শিৱৰ মন্ত্ৰ জপ কৰিব ।
ধনুঃ ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব । যাত্ৰা পুৱা ১০ বজাৰ পাছত ক’লা ৰং বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ । প্ৰেমত সন্দেহ ভাব । শুভ ৰং নীলা ।
মকৰঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে । হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব । যাত্ৰাৰ বাবে শুভ দিনত । প্ৰেমত সফলতা । শুভ ৰং হালধীয়া ।
কুম্ভঃ অংশীদাৰী ব্যৱসায়ত উন্নতি । যানবাহনৰ দ্বাৰা আঘাত পাব পাৰে গতিকে চাই-চিতি যাত্ৰা কৰিব । শুভ ৰং গোলপীয়া ।
মীনঃ ধনাগম বৃদ্ধি পাব । বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব । যাত্ৰাৰ বাবে শুভ । ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব ।