অনাথ শিশুৰ শিক্ষা যাতে বাধাগ্ৰস্ত নহয়:ৰাজ্যক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ’না অতিমাৰীৰ ফলত যিসকল শিশুৰ অধ্যয়নত সমস্যাৰ সৃষ্টি হৈছে, তেওঁলােকৰ বিদ্যালয়ৰ মাচুল মাফ হওক। প্রয়ােজনত শিশুসকলৰ মাচুল অর্ধেক কৰা হওক।

ADVERTISEMENT

কৰ’না ভাইৰাছৰ ব্যাপক সংক্রমণৰ ফলত অধ্যয়নৰ ক্ষেত্ৰত দেশৰ শিশুসকল যথেষ্ট সমস্যাগ্রস্ত হৈছে, বিশেষকৈ অনাথ শিশুসকলৰ অৱস্থা অধিক শােচনীয় প্রত্যক্ষ হৈছে। এনে পৰিস্থিতিত দেশৰ সকলাে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক নির্দেশ দিলে উচ্চতম ন্যায়ালয়ে।

মহামাৰীৰ ফলত অধ্যয়নত বাধাগ্রস্ত হােৱা শিশুৰ ক্ষেত্ৰত সহানুভূতিসূলভ আচৰণ প্ৰদৰ্শন কৰিবলৈ সর্বোচ্চ ন্যায়ালয়ে পৰামর্শ দিলে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে নির্দেশনা জাৰি কৰি কয় যে এই মহামাৰীৰ ফলত যিসকল শিশু অধ্যয়নৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, তেওঁলােকৰ বিদ্যালয়ৰ মাচুল ৰেহাই দিয়া হওক।

সকলাে ৰাজ্যকে এক নীতি গ্রহণ কৰিবলৈ পৰামর্শ দি বিচাৰপীঠখনে এই সন্দৰ্ভত বেচৰকাৰী বিদ্যালয়ৰ স’তে আলােচনা কৰি চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নির্দেশ দিলে।

অতিমাৰীৰ কালত দেশত বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱালে আৰু এইসকল শিশু যাতে শিক্ষা আহৰণৰ ক্ষেত্ৰত বাধাগ্রস্ত নহয়, তাৰ প্রতি সতর্ক দৃষ্টি ৰাখিবলৈকো সকলাে ৰাজ্যক সর্বোচ্চ ন্যায়ালয়ে নির্দেশ দিলে।

Exit mobile version