অনুৰাগ’ৰ সহযোগত “স্বাধীনতাৰ আহ্বান ” নামৰ বাটৰ নাট পৰিবেশন

WhatsApp Image 2021 08 28 at 5.42.48 PM

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ ৰিজ’নেল আউটৰীট্‌ছ ব্যুৰ উদ্যোগত আৰু একে বিভাগৰে পঞ্জীয়নকৃত আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক গোষ্ঠী “অনুৰাগ”, বৰপেটাৰ সহযোগত “আজাদী কা অমৃত মহোৎসৱ” কাৰ্যক্ৰমৰ ওপৰত আধাৰিত আৰু ৰণজিৎ তালুকদাৰৰ দ্বাৰা ৰচিত-পৰিচালিত “স্বাধীনতাৰ আহ্বান ” নামৰ বাটৰ নাট পৰিবেশন কৰা হয় ।

বৰপেটা জিলাৰ ভবানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভবানীপুৰ মেইন চ’ক, সৰুপেটা বজাৰ আৰু দাবলীয়াপাৰা চ’কত যোৱা ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈ বাটৰ নাটখনি পৰিবেশন কৰা পৰিলক্ষিত হয় । নাটখনত যথেষ্ট দৰ্শকৰ সমাৱেশ ঘটা দেখা যায়। নাটখন উপভোগ কৰি দৰ্শকসকল আপ্লুত হোৱা বুলি মতামত আগবঢ়োৱাৰ লগতে “ৰীজনেল আউটৰীট্‌ছ ব্যুৰ” আৰু “অনুৰাগ” পৰিয়ালক ভূয়সী প্ৰশংসা কৰে ।

Exit mobile version