অমিতাভৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবলক কৰিলে বদলি ,বাৰ্ষিক ডেৰ কোটি টকা বেতন লাভক লৈ বিতৰ্ক

85654908

বিগত কেইবাবছৰ ধৰি বলিউডৰ মহাতাৰকা অভিনেতা অমিতাভ বচ্চনৰ দেহৰক্ষী হিচাপে নিয়ােজিত মুম্বাই আৰক্ষীৰ হেড কনিষ্টবল জিতেন্দ্র শিণ্ডেক আৰক্ষী আয়ুক্ত হেমন্ত নগৰালেয়ে বদলি কৰিলে।

জিতেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি তেওঁক অমিতাভে বছৰি ১.৫ কোটি টকাৰ বেতন আদায় দিছিল। এই তথ্য ফাদিল হােৱাৰ পাছত জিতেন্দ্ৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে বিভাগীয় তদন্তৰ নির্দেশ দিলে।

জিতেন্দ্রই ২০১৫ৰ পৰা অমিতাভৰ ব্যক্তিগত দেহৰক্ষী হিচাপে নিয়ােজিত হৈ আহিছে। জিতেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত আন এক অভিযােগ অনুসৰি, মুম্বাই আৰক্ষীত কৰ্মৰত হৈও তেওঁ ব্যক্তিগত নিৰাপত্তা প্রতিষ্ঠান এটা পৰিচালনা কৰি আহিছে।

একাংশ লােকে এই অভিযোেগ মুম্বাই আৰক্ষী আয়ুক্তক দিয়াত জিতেন্দ্রক অমিতাভৰ নিৰাপত্তা প্রদানৰ পৰা আয়ুক্তই অব্যাহতি দিয়ে। জিতেন্দ্রই বিগত ছবছৰে অমিতাভক অহৰহ কটকটীয়া নিৰাপত্তা প্রদান কৰি আহিছিল।

জিতেন্দ্রই চৰকাৰৰ পৰা নিয়মীয়া বেতন লাভ কৰাৰ লগতে অমিতাভৰ পৰা মাহে প্রায় ১২ লাখ টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰিছিল।

Exit mobile version