বাগসা জিলাত কে’বাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, যুদ্ধ বিৰতিত থকা এনডিএফবি সদস্যক আৰক্ষী বিভাগ আৰু সেনা বাহিনীত নিযুক্তিৰ প্ৰস্তুতি

ডিমা হাছাওৰ হিংসাত্মক কাৰ্যৰ ওপৰত মন্তব্য বড়োৰ, চাপাগুৰি সমষ্টিৰ গাওঁবুঢ়াসকলক ম'বাইল বিতৰণ

কে’বাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ বাগসা জিলাত উপস্থিত হয় বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো । ‘পৰিৱৰ্তন অভিযান’ৰ কাৰ্যসূচীৰে জিলাখনৰ কে’বাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ দুখ দুৰ্গতিৰ বুজ লোৱাৰ লগতে কে’বাগৰাকী ৰোগীক সাক্ষাৎ কৰে প্ৰমোদ বড়োৱে । ইয়াৰ পাছতেই শালবাৰীৰ শিমলাত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লয় বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷

উক্ত কাৰ্যসূচীত যুদ্ধ বিৰতিত থকা এনডিএফবি সদস্যসকলক সংস্থাপিত কৰাৰ উদ্দেশ্যে আৰক্ষী বিভাগ আৰু সেনা বাহিনীত নিযুক্তিৰ বাবে প্রি-ট্ৰেইনিঙৰ ব্যৱস্থা কৰে ৷ আনহাতে, ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্যত দুখিত বিটিআৰৰ মুৰব্বী বড়ো । তেওঁ মন্তব্য কৰে যে, এয়া হ’ব নালাগিছিল, ডিমা হাছাওত সংঘটিত কুটাঘাতে চৰকাৰৰ কৰণীয় বাকী থকাটোকেই সূচাইছে । হিংসাত্মক কাৰ্যই এটা জনগোষ্ঠীক বহুবছৰ পিছুৱাই লৈ যায়।

ইয়াৰ পাছতেই বড়োৱে জালাহত অনুষ্ঠিত এক অনুষ্ঠানত ৬৩ নং চাপাগুৰি সমষ্টিৰ গাওঁবুঢ়াসকলৰ লগত মত বিনিময় কৰে ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্ম, দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসো উপস্থিত থাকে । যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ স্বাৰ্থত চৰকাৰী গাওঁবুঢ়াসকলৰ মাজত ম’বাইল ফোন বিতৰণ কৰে প্ৰমোদ বড়োৱে ।

Exit mobile version