মৰঙিত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

ceb75585 608b 4c88 955d db779315e249

গোলাঘাট বন সংমণ্ডলৰ অধীনস্থ মৰঙিৰ হাবিগাঁৱত আজি এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য মতে, মৰঙীৰ হাবিগাঁৱৰ পথাৰত শুকুৰবাৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো উদ্ধাৰ হয়।

স্থানীয় যুৱক প্ৰশান্ত কলিতাই পথাৰলৈ গৰু আনিবলৈ যাওঁতে কাছটো উদ্ধাৰ কৰে। ইয়াৰ পাছতে সচেতন যুৱক বিবেক বৰাই গোলাঘাট বন সংমণ্ডলৰ স’তে যোগাযোগ কৰাত বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইপিনে, কাছটো চাবলৈ স্থানীয় অঞ্চলৰ ৰাইজৰ ভিৰ লাগে। ইয়াৰ মাজতে যুৱকজনে কাছটো বনকৰ্ম্মীৰ দলটোৰ হাতত চমজাই দিয়ে। বন বিভাগে কাছটোৰ স্বাস্থ্য পৰীক্ষা কৰাই নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে।

উল্লেখ্য যে কাছটো অতি দুষ্প্ৰাপ্য ‘মালায়ান বক্স টাৰটল’ প্ৰজাতিৰ বুলি বন বিভাগে চিনাক্ত কৰে। আনহাতে, সচেতন যুৱকদ্বয়ে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত লোৱা এনে মহৎ পদক্ষেপৰ প্ৰকৃতিপ্ৰেমী মহলে আদৰণি জনাইছে।

Exit mobile version