গোসাইগাঁৱত বিজেপিৰ স্বাস্থ্য স্বয়ং সেৱক অভিযান

WhatsApp Image 2021 08 29 at 5.59.51 PM 1

বিজেপি কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আজি গুমা মণ্ডল কমিটিয়ে গোসাইগাঁৱৰ বাশবাৰীস্থিত তিলকা মাঝি ক্লাৱত স্বাস্থ্য স্বয়ং সেৱক অভিযান আয়োজন কৰে।

এই অভিযানৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্ম-কৰ্তাসকলক ক’ভিড বিৰুদ্ধে কেনেদৰে যুঁজ দিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়ে। এই প্ৰশিক্ষণ গ্ৰহণ কৰি সকলো কৰ্ম-কৰ্তাই নিজ নিজ গাঁৱত ৰাইজক ক’ভিডৰ প্ৰতি সজাগ আৰু সচেতন কৰিবলৈ আহ্বান জনায়।

যাতে ক’ভিডৰ আহিবলগীয়া তৃতীয় ঢৌৰ বিৰুদ্ধে সহজে যুঁজ দিব পাৰে। আজিৰ এই অভিযানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী আৰু মণ্ডল সভাপতি নিলেশ্বৰ ৰায় উপস্থিত থাকি সকলোকে ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায়।

Exit mobile version