নন্দিতা শইকীয়াৰ দৰে মেধাৱী ছাত্ৰীক দিনৰ পোহৰতে নিৰ্মম ভাবে হত্যাকৰাৰ চেষ্টা কৰে আৰু গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত নন্দিতা শইকীয়া চিকিৎসাধীন অৱস্থাত মৃত্যু বৰন কৰে ।
মেধাৱী ছাত্ৰী নন্দিতাৰ মৃত্যু বৰন কৰাৰ লগে লগেই সমগ্র অসমতে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰনৰ প্ৰতিবাদ কৰি দোষীক শাস্তিৰ দাবী জনায় ।
এই ক্ষেত্ৰত পিছপৰি থকা নাই সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ণ চমুকৈ আমছু । আমছুও হত্যাকাৰীক শাস্তিৰ দাবী জনায় প্ৰত্যেক জিলায় জিলায় নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলী জনাইছে ।
ফকিৰা গ্ৰামত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আমিনুৰ ইছলামে এক সাক্ষাৎকাৰত কয় যে ৰাজ্য আৰু কেন্দ্ৰত শাসনৰ গাদীত বহি থকা চৰকাৰ খনে নাৰী সুৰক্ষা দিয়াত সম্পূৰ্ন ৰূপে ব্যৰ্থ হৈছে ।
এই চৰকাৰৰ বেটি বচাও বেটি পঢ়াও শ্লোগান অসাৰ হৈছে বুলিও কয় আমিনুৰ ইছলামে । আজি অসমত নাৰী সুৰক্ষিত নহয় বুলিও মন্তব্য ছাত্ৰ নেতাজনৰ ।