মহাজোঁটৰ পৰা বিপিএফ ওলাই গ’লে কংগ্ৰেছৰ সপোন বাস্তৱত পৰিণত হ’বঃ ভূপেন বৰা

WhatsApp Image 2021 08 29 at 7.23.13 PM

‘মহাজোঁট ভাঙিলে সকলোৰে লাভ হ’ব । বিপিএফক আমি মহাজোঁটৰ পৰা ওলাই যাব কোৱা নাই । বিপিএফ স্বইচ্ছাৰে মহাজোঁটৰ পৰা গুচি গ’ল । কংগ্ৰেছৰ সাপোনখিনি বাস্তৱত পৰিণত হ’ব । কাৰণ, বিটিচি অঞ্চলত থকা কংগ্ৰেছ বিপিএফ দলৰ কাৰণেই নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ চিহ্ন দেখা নাযায় । বিপিএফ মহাজোঁটৰ পৰা ওলাই গ’লেই বিটিচিত থকা কংগ্ৰেছকৰ্মীসকলে কাম কৰিবলৈ পূৰ্ণ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।’ এই বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

ADVERTISEMENT

আজি গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত কংগ্ৰেছ দলৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰে । তেওঁ আৰু কয় যে, মহাজোঁট ভংগ হ’লে সকলোৰে লাভ হ’ব কাৰণ ইয়াৰ সুযোগ গ্ৰহণ কৰি সকলোৱে নিজ সংগঠন মুকলিকৈ সম্প্ৰচাৰ কৰিব পাৰিব ।

Exit mobile version