আৰমানক জেৰাৰ পাছত এনচিবিৰ জিম্বাত দুই ড্ৰাগছ সৰবৰাহকাৰী

2021 8largeimg 1230076254

অহা পহিলা ছেপ্টেম্বৰলৈকে এনচিবিৰ জিম্মাত থাকিব অভিনেতা আৰমান কোহলি ।। শনিবাৰে অভিনেতাজনৰ ঘৰৰ পৰা এনচিবিয়ে মাদকদ্ৰৱ্য জব্দ কৰিছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

কিন্তু কেৱল আৰমানেই নহয়, এনচিবিয়ে ভাবিছিল চক্ৰটো বহুত ডাঙৰ। তেওঁলোকৰ অনুমান এইবাৰ শুদ্ধ প্ৰমাণিত হ’ল। এনচিবি বিষয়াসকলে মঙলবাৰে অৰমান কোহলীক জেৰা কৰাৰ পাছত মুম্বাইৰ আন পাঁচটা ঠাইত তালাচী চলাইছিল।

জুহুৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুজন ড্ৰাগ সৰবৰাহকাৰীক । তেওঁলোকৰ এজন বিদেশী আৰু আনজন মুম্বাইৰ এটা অভিজাত ৰেষ্টুৰেণ্টৰ মালিক।

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ বিষয়াসকলে শনিবাৰে মুম্বাইত অভিনেতা আৰমান কোহলীৰ ঘৰত তালাচী চলায়। অভিনেতাজনৰ ওপৰত ঘৰত ড্ৰাগছ সংৰক্ষণ কৰাৰ অভিযোগ আছিল।

দীঘলীয়া অনুসন্ধানৰ পাছত তেওঁৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হয়। তাৰ পাছত তেওঁক ঘৰৰ পৰা এনচিবি কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। অভিনেতাজনক তাত দীঘলীয়া ১২ ঘণ্টাৰ জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল।

শুকুৰবাৰে অভিনেতা গৌৰৱ দীক্ষিতক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় ড্ৰাগ বিৰোধী সংস্থাই । তেতিয়াই এনচিবিয়ে আৰমানৰ ঘৰত অভিযান চলাইছিল। এনচিবিয়ে জনাইছিল যে জেৰাৰ সময়ত অসঙ্গতিৰ বাবে অৰমানক গ্ৰেপ্তাৰ কৰা হৈছিল।

Exit mobile version