ক’উইনত উপলব্ধ হ’ব কৰ’না পৰীক্ষাৰ প্ৰতিবেদন

co win app

বিদেশ ভ্ৰমণৰ উপৰি দেশৰে কিছুমান ৰাজ্যলৈ যাবলৈ হ’লে বৰ্তমান বাধ্যতামূলক ক’ভিড পৰীক্ষাৰ আৰ টি-পিচিআৰ প্ৰতিবেদনৰ প্ৰক্ৰিয়া অধিক সহজ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লৈছে ।

অনতি পলমে এই পৰীক্ষাৰ প্ৰতিবেদন কেন্দ্ৰৰ ক’উইন এপত উপলব্ধ হ’ব । ইতিমধ্যেই ক’ভিড টিকাৰ প্ৰমাণপত্ৰক এই এপৰ স’তে সংযুক্ত কৰা হৈছে ।

যিদৰে টিকাপ্ৰাপ্তিৰ প্ৰমাণপত্ৰ এপৰ পৰা ডাউনলোড কৰি লোৱা হয়, সেইদৰে আগন্তুক সময়ত পৰীক্ষা প্ৰতিবেদনৰ প্ৰমাণ পত্ৰ‌ও ডাউনলোড কৰিব পৰা যাব । ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুৰব্বী আৰ এছ শৰ্মাই এই কথা সদৰী কৰিছে ।

Exit mobile version