কঠিন ৰোগত আক্রান্ত কচুগাঁৱৰ ১ নং নন্দীপুৰ গাঁৱৰ ১২ বছৰীয়া এজন যুৱক

অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত যুৱকজন

WhatsApp Image 2021 08 31 at 11.41.26 AM

সমগ্ৰ দেশৰ লগতে ৰাজ্যত বিয়পি পৰিছে মহামাৰী কৰ’না । ফলত দেশৰ জনসাধাৰণৰ এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে। এই দুৰ্যোগৰ মাজতে জটিল ৰোগত আক্রান্ত হৈ যন্ত্ৰনাত ছটফটাই থকা এটা দুৰ্ভগীয়া পৰিয়াল । ভাৰত-ভূটান সিমান্ত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত ১ নং নন্দীপুৰ গাঁওখন বাসিন্দা প্ৰবেশ্বৰ বসুমতাৰীৰ পুত্ৰ প্ৰতাপ বসুমতাৰী বিগত প্ৰায় এমাহৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ আছে ।

পিতৃয়ে প্ৰথমতে প্ৰাথমিক চিকিৎসাৰ বাবে কচুগাঁও হাস্পতালত ভৰ্তি কৰায় যদিও কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত প্ৰেৰণ কৰে । ডাক্তৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে নিৰ্দেশ দিয়ে । পুত্ৰৰ উন্নত চিকিৎসা প্ৰদানৰ বাবে দৰিদ্ৰ পৰিয়ালটো ওচৰত অৰ্থৰ অভাৱ । ১২ বছৰীয়া পুত্ৰ প্ৰতাপৰ অৱস্থা উন্নত হোৱাৰ পৰিৱৰ্তে দিনক দিনে অৱনতিৰ ফালে ঢাল খোৱাত অত্যন্ত হতাশাত ভুগিছে পৰিয়ালটোৱে ।

দিন-হাজিৰা কৰি কোনোমতে পেটে-ভাতে নিজ পৰিয়াল পোহ-পাল দি থকাৰ সময়তে কনিষ্ঠ পুত্ৰৰ এনে অৱস্থাত অমানিশা নামি আহিছে দুৰ্ভগীয়া পৰিয়ালটোলৈ । পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ যাৰ বাবে লোকজন এই মুহূৰ্তত সম্পূৰ্ণৰূপে অসমৰ্থ । সেয়ে উপায়ন্তৰ হৈ আত্মীয়ই যুৱকজনৰ চিকিৎসাৰ বাবে বিটিচিবাসীৰ লগতে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়ো তথা বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দেলৈ সহায়ৰ বাবে কাতৰ আহ্বান জনায় ।

কোনো সদাসয় ব্যক্তিয়ে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে তলত দিয়া ভুক্তভোগীৰ আত্মীয়ৰ ফোন নম্বৰ ৯৩৬৫৬৯১০৫৯ ত সংযোগ স্থাপন কৰাৰ লগতে খুড়া লক্ষীকান্ত গয়াৰী অসম গ্ৰামীণ বিকাশ বেংক, একাউন্ট নম্বৰ-7136026026085, IFSC code – PUNBORRBAGB নম্বৰত নিজ সাহায্যৰ পুঁজি জমা কৰিব পাৰিব ।

Exit mobile version