ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ আগতীয়া উপ নিৰ্বাচনী ৰণডংকা

bhupen borah pti 1022813 1629735692

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি দল ত্যাগ কৰাৰ লগে লগে সমষ্টিটোত উপ নিৰ্বাচন নিশ্চিত হৈ পৰাত সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ভৱানীপুৰ উপ নিৰ্বাচনী ৰণডংকাৰ সৃষ্টি কৰে।

উল্লেখ্য যে আজি ভৱনীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত ভাষণ দি বিজেপি দল,চৰকাৰৰ লগতে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক কঠোৰ বাক্যবানেৰে তীৰ্যক সমালোচনা কৰি এক প্ৰকাৰৰ উপ নিৰ্বাচনী ৰণডংকাৰ সৃষ্টি কৰে।

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ড° মঞ্জুশ্ৰী পাঠকে আদৰণি ভাষণ পাঠ কৰা সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই তেওঁৰ উদাত্ত ভাষণত কয় যে , ” অসমত কংগ্ৰেছ দল ক্ষমতাৰ পৰা দুবাৰকৈ অপসাৰিত হৈছে সচা কথা।

কিন্তু আজিৰ দিনত অসমত কংগ্ৰেছ দল দুৰ্বল হোৱা নাই। দুৰ্বল হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ বিজেপি চৰকাৰৰ ব্যাপক অপশাসন,একনায়কত্ববাদ,দাদাগিৰি, দুৰ্নীতিৰ কবলত পৰি।

বিজেপিৰ অপশাসনৰ বাবেই সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণে লোকচানৰ সন্মুখীন হৈছে। বৰ্তমান তিনি মাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ৰাজনৈতিক অপসংস্কৃতি চলাইছে।বিজেপিয়ে অসমত শিষ্টাচাৰবিহীন,মূল্যবোধহীন,চৰকাৰ চলাইছে।

দিছপুৰত এতিয়া এজন হিন্দু মৌলবাদীয়ে মূখ্য আসনত বহি অপশাসন চলাইছে। গতিকে কংগ্ৰেছক ৰাইজে অধিক শক্তিশালী কৰক। কংগ্ৰেছ দুৰ্বল হ’লে বিজেপিৰ একনায়কত্ববাদ, দুৰ্নীতি,দাদাগিৰি বাঢ়িব “।

লগতে তেওঁ কয় যে – ” ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক বোকোচাত লৈ হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট লেতেৰা ৰাজনীতি কৰিছে। বিধায়ক ফনীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰিবলৈ গৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা কৰিছে।

ফনীধৰ তালুকদাৰে নিজৰ ব্যক্তিগত সুবিধাবাদ,নিজৰ স্বাৰ্থ পূৰণ,নিজৰ ব্যবসায় বাণিজ্যৰ বাবেহে বিজেপিলৈ গৈ সন্মানীয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজক বন্ধকত থব বিচাৰিছে। কিন্তু ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজে ফনীক এইবাৰ সেই সূযোগ নিদিব।

ফনীৰ হাত ছোৱা জ্যোতিষী গৰাকীয়ে মোক কৈছে ফনীৰ লাগিছে এইবাৰ শনি।ফনীৰ ৰাজযোগ শেষ হৈছে।ফনীৰ ৰাজযোগ মাত্ৰ তিনি মাহেই আছিল। গতিকে নিশ্চিত যে- ভৱানীপুৰৰ ফনী তোমাৰ এইবাৰ লাগিছে শনি “।

সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ড° মঞ্জুশ্ৰী পাঠক, বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন দৈমাৰীয়েও ভাষণ দি বিজেপি দল, চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।সভাৰ আত ধৰে ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতুমণি তালুকদাৰে।

উল্লেখ্য যে সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে ভৱানীপুৰৰ পৰা সৰুপেটালৈ পাচ কিলোমিটাৰ এলেকা বিশাল বাইক ৰেলীৰে আদৰি নিয়ে ভৱানীপুৰৰ কংগ্ৰেছীয়ে।

Exit mobile version