শিক্ষাপ্রতিষ্ঠান খোলাৰ চৰকাৰী সিদ্ধান্তত স্থগিতাদেশ তেলেংগানা উচ্চ ন্যায়ালয়ৰ

Education

ৰাজ্যত বিদ্যালয় আৰু অন্যান্য শিক্ষাপ্রতিষ্ঠান খোলাৰ বিষয়ত চৰকাৰী সিদ্ধান্তত স্থগিতাদেশ দিলে তেলেংগানা উচ্চ ন্যায়ালয়ে । ক’ভিড পৰিস্থিতি সামান্য নিয়ন্ত্রণত আহোতেই ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল এক ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষাপ্রতিষ্ঠান খোলা হ’ব । আদালতৰ নির্দেশত সম্প্ৰতি এই সিদ্ধান্ত স্থগিত হৈ গ’ল ।

ৰাজ্য চৰকাৰে বিদ্যালয় খোলাৰ কথা ঘোষণা কৰাৰ লগে লগে এটা জনস্বার্থ গোচৰ দাখিল কৰা হয় । সেই গোচৰৰে শুনানি আছিল মঙলবাৰে । আদালতে জনাইছে, কেজিৰ পৰা দ্বাদশ শ্রেণীৰ কোনো শিক্ষাৰ্থীকে যাতে বিদ্যালয়ত সশীৰৰে হাজিৰ হ’বৰ বাবে বাধ্য কৰা নহয় । এইমর্মে ৰাজ্যৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়বোৰক নির্দেশ দিছে আদালতে । লগতে, ৰাজ্য চৰকাৰক এই বিষয়ে এটি হলফনামাও জমা কৰাৰ নিৰ্দেশ দিছে আদালতে ।

ইতিমধ্যেই দেশৰ ১২খন ৰাজ্যত বিদ্যালয় খুলি দিয়া হৈছে । কিছুসংখ্যক ৰাজ্য‌ই ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছিল । তেলেংগানা চৰকাৰেও এই বিষয়ত এক উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । ৰাজ্যৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাৱে জনায়, ক’ভিড পৰিস্থিতিৰ বাবে শিক্ষাব্যৱস্থা ব্যাপক ক্ষতিগ্রস্ত হৈছে । ২৪ আগষ্টৰ বৈঠকত ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষাপ্রতিষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে, বিদ্যালয় খোলাৰ ক্ষেত্রত তেওঁলোকে কে’বাতাও নির্দেশনা ঘোষণা কৰে । স্কুল চৌহদ, শ্রেণীকোঠা, পানীৰ টেংকি ছেনিটাইজ কৰাৰ নির্দেশ দিয়া হয় সকলো স্কুল কর্তৃপক্ষক ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা লাভ কৰি বিদ্যালয়বোৰে প্রস্তুতি আৰম্ভ কৰিছিল । কিন্তু আদালতৰ নির্দেশত ইয়াৰ আগতেই সেই প্রস্তুতি স্থগিত হৈ গ’ল ।

Exit mobile version