দিনটোৰ ৰাশিফল

astrology generic

মেষ : ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তান বাবে চিন্তা থাকিব। প্ৰেমত শুভ। শুভ ৰং হালধীয়া।

বৃষ : বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰং ৰঙা।

মিথুন :আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্য চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব।

কর্কট : আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ক্ৰটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন।

সিংহ : ব্যৱসায়ত উন্নতিৰ যােগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্ৰমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্ৰত শুভ ফল পাব।

কন্যা : শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব; নতুন ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব।

তুলা : কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিকত আশানুরূপ ফল পাব।

বৃশ্চিক: বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ।

ধনু :(বিবাহৰ যােগাযােগত শুভ। বিদ্যার্থীৰ বাবে শুভ দিন।) যান-বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব।

মকৰ :চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অর্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্রেমত আন্তৰিকতা।

কুম্ভ : আয়-উপার্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম-প্রণয়ত সুখ বৃদ্ধি পাব।

মীন : কর্মক্ষেত্ৰত আর্থিক লেন-দেনত সাৱধান থাকিব। স্বামী-স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থীয়ে বিদেশ যাত্রাৰ সম্ভাৱনা।

Exit mobile version