ন’বেল বঁটা লাভ কৰিব মমতাই : তৃণমূল নেতাৰ দাবীক লৈ হাঁহিৰ খােৰাক

2020 11largeimg 1931965616

‘আগন্তুক দিনত ন’বেল বঁটা লাভ কৰিব মমতা বেনার্জীয়ে। এই আজৱ দাবী কৰিলে পূর্ব বর্ধমানৰ তৃণমূল কংগ্রেছৰ নেতা ৰামকৃষ্ণ ঘােষে। সােমবাৰে বিয়লিবেলা এখন দলীয় সভাত অংশ লােৱাৰ সময়ত ভাষণ ৰাখি ঘােষে কয়, ‘মমতা বেনাৰ্জীৰ নেতৃত্বত সমগ্র পশ্চিমবংগত উন্নয়নৰ জোৱাৰ উঠিছে।

মমতা বেনাৰ্জী এইবাৰ দিল্লীৰ মছনদত বহিব দেশ শাসন কৰিব। তেওঁ নবেল পুৰস্কাৰাে লাভ কৰিব। মমতা বেনাৰ্জীৰ জনমুখী আঁচনিসমূহ সমগ্র বিশ্বত সমাদৃত হৈছে। বিশ্বৰ আন কোনাে জননেতা বা জননেত্রীয়ে ইতিপূর্বে ইমান আচনিৰ কথা চিন্তা কৰা নাছিল। বর্তমানৰ পৰিস্থিতিত আমাৰ দেশতে নহয়, সমগ্র বিশ্বতে দৃষ্টান্ত সৃষ্টি কৰিলে জননেত্রী মমতা বেনাৰ্জীয়ে।

সেয়েহে তেওঁ নবেল বঁটা লাভৰ যােগ্য। তৃণমূল নেতাৰ এই দাবীক লৈ সামাজিক মাধ্যমত বিজেপিসহ বিৰােধীয়ে তীব্র কটাক্ষ কৰিছে। নবেল বঁটা কি কি ক্ষেত্ৰত আৰু কিয় দিয়া হয় সেই কথা তৃণমূল কংগ্ৰেছৰ নেতাৰ জ্ঞাত নহয় বুলিও বিজেপিয়ে মন্তব্য কৰিলে।

Exit mobile version