গোসাইগাঁও বিধানসভা সমষ্টিত উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সংগঠন । সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীও অধিক তৎপৰ হৈ উঠিছে । উপ নিৰ্বাচনক লক্ষ্য কৰি আজি গোসাইগাঁও মহকুমাৰ জলেশ্বৰীত বিজেপিৰ কচুগাঁও মণ্ডলৰ উদ্যোগত তিনি শতাধিক পুৰুষ -মহিলা বিপিএফ আৰু অইন অইন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
ADVERTISEMENT
উক্ত যোগদান সভাত বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগয়াৰী, সম্পাদক বিদ্যাসাগৰ বসুমাতাৰী, কচুগাঁও মণ্ডলৰ সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰী, উপ সভাপতি পাৰ্থ পাল, সম্পাদক বাপ্পি সৰকাৰ প্ৰমুখ্যে বিজেপি জিলা আৰু মণ্ডল পৰ্যায়ৰ বিষয়বৱীয়া আৰু দলীয় কৰ্মী উপস্থিত থাকি নতুনকৈ যোগদান কৰা লোকসকলক দলীয় আৰণাই আৰু টুপীৰে আদৰণি জনায় ।