বিমানকোঠ এৰাৰ পূর্বে ৭৩ বিশেষ হেলিকপ্টাৰ বিকল কৰি থৈ গ’ল

জনালে মাৰ্কিন সেনা বিষয়াই

rs1unjr us troops in afghanistan afp

আমেৰিকাৰ সেনাই ২০ বছৰৰ পাছত আফগানিস্তান ত্যাগ কৰাৰ লগে লগে সামৰিক অস্ত্র-শস্ত্ৰৰ দিশত অধিক শক্তিশালী হৈ পৰিল তালিবান। সোমাবাৰে নিশা আমেৰিকাৰ সেনাবাহিনীয়ে আফগানিস্তান ত্যাগ কৰে। এনে পৰিস্থিতিতে চাঞ্চল্যকৰ দাবী কৰিলে আমেৰিকান কংগ্রেছৰ এজন সদস্যই। তেওঁ দাবী কৰিছে যে প্রায় আঠ হেজাৰ পাঁচশ কোটি ডলাৰ মূল্যৰ অস্ত্র-শস্ত্র আফগানিস্তানত পেলাই আহিছে আমেৰিকাই। সেইবােৰ সম্প্রতি পােনেই তালিবানৰ দখললৈ গৈছে।

জিম বেংচ্ছ নামৰ ৰিপাব্লিকান দলৰ সদস্যজন আফগানিস্তানলৈ অস্ত্র সৰবৰাহৰ দায়িত্বত আছিল। বেংক্‌ছে কয়, ‘প্রশাসনৰ গাফিলতিৰ বাবেই এই ঘটনা ঘটিছে। আমেৰিকাৰ বিপুল পৰিমাণৰ ব্লেক হক হেলিকপ্টাৰাে এতিয়া তালিবানৰ দখলত। পৃথিৱীৰ ৮৫ শতাংশৰ অধিক দেশৰ হাতত যি সংখ্যাত এই বিশেষ হেলিকপ্টাৰ আছে, তাতকৈ বেছি আছে তালিবানৰ হাতত। উল্লেখ্য যে আমেৰিকাই দীর্ঘদিন ধৰি আফগানিস্তানলৈ সামৰিক সাহায্য আগবঢ়াই আহিছে। অস্ত্রশস্ত্র প্রদানৰ সমান্তৰালকৈ আফগান সেনা বাহিনীৰ বৃহৎ অংশক অত্যাধুনিক অস্ত্র প্রশিক্ষণাে দিছিল।

আমেৰিকাৰ অস্ত্র বিশেষজ্ঞই দাবী কৰিছে যে এনে অসংখ্য অস্ত্র সম্প্রতি আফগানিস্তানত আছে, যিবােৰ চলােৱাৰ সামর্থ্য তালিবানৰ নাই। কাৰণ ইয়াৰ বাবে বিশেষ প্রশিক্ষণৰ প্রয়ােজন। তথাপি কিছু অস্ত্র আছে, যি তালিবানক অধিক শক্তিশালী কৰিব বুলিও অস্ত্র বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। স্থানীয় সূত্রই জনােৱা মতে, সম্প্রতি তালিবান সদস্যৰ বাহ্যিক চেহেৰাও সলনি হ’বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ বহু সেনাৰ শিবিৰত তেওঁলােকৰ বাহিনীৰ বাবে অনা একেবাৰে নতুন সামৰিক পােছাক আছিল।

সেইবােৰ আমেৰিকান সেনাই এৰি যােৱাৰ পাছত তালিবান সদস্যসকলে দখল কৰিছে। এতিয়া আৰু আগৰ দৰে হাতত একে-৪৭ লােৱা তালিবান দেখা নাযায়। এতিয়াৰ তালিবানে লৈ ফুৰিছে এম-ফ’ৰ হাতত লৈ। আফগান সেনাক আমেৰিকাই দিয়া অস্ত্র হাতত পােৱাৰ ফলতে ক্রমান্বয়ে সলনি হৈ পৰিছে। তালিবান অস্ত্রধাৰীৰ চেহেৰা। অৱশ্যে এটা ভুল নকৰিলে আমেৰিকাৰ সেনাই।

সোমাবাৰে নিশা কাবুল ত্যাগ কৰাৰ পূর্বে আমেৰিকান সেনাই নিষ্ক্রিয় কৰিলে হামিদ কাৰজাই বিমানকোঠত থকা নিজৰ হেলিকপ্টাৰ আৰু বিমানসমূহ। এই কথা সদৰী কৰিছে চেলে কমাণ্ড হেড জেনেৰেল কেনেথ মেকেঞ্জিয়ে। তেওঁ কয় যে কাবুলৰ বিমানকোঠত থকা তেওঁলােকৰ ৭৩খন হেলিকপ্টাৰ আৰু বিমান বিকল কৰি দিয়া হৈছে। মেকেঞ্জিয়ে কয়, “সেই বিমান আৰু কপ্টাৰসমূহ আৰু উৰিব পৰা অৱস্থাত নাই।

কোনােপধ্যে সেইবােৰ পুনৰ সক্রিয় কৰিব পৰা নাযাব। উল্লেখ্য যে তালিবানে যেতিয়া আফগানিস্তানৰ ইটোৰ পাছত সিটো অঞ্চল দখল কৰিছিল, তেতিয়াই পূর্ব আফগান সেনাক দিয়া আমেৰিকাৰ অত্যাধুনিক অস্ত্র-শস্ত্র, সুসজ্জিত গাড়ীসহ বিপুল অস্ত্ৰৰ ভাণ্ডাৰ তেওঁলােকৰ দখললৈ যায়। এই বিপুল পৰিমাণৰ অস্ত্র তালিবানৰ হাতত পৰাত আন্তর্জাতিক মহলেও উদ্বেগ প্রকাশ কৰিছিল। সেয়ে এই ‘ভুল’ৰ যাতে পুনৰাবৃত্তি নহয়, সেই বাবেই স্থায়ীভাৱে আফগানিস্তান ত্যাগ কৰাৰ পূর্বে কাবুল বিমানকোঠত থকা হেলিকপ্টাৰ আৰু বিমানসমূহ বিকল কৰি দিয়া হয় বুলি মেকেঞ্জিয়ে কয়। অৱশ্যে তালিবানে দাবী কৰিছে যে তেওঁলােকে সেই বিমান আৰু হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিব পাৰিব।

Exit mobile version