গোসাইগাঁৱত বিজেপি-ইউ পি পি এলৰ যৌথ সভাঃ উপ নিৰ্বাচনক লৈ কৰ্মীৰ স’তে আলোচনা

২৮ নম্বৰ গোসাইগাঁও বিধান সভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক লৈ আজি গোসাইগাঁৱত বিজেপি আৰু ইউ পি পি এলৰ এখন যৌথ সভা অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ জিলাৰ বিজেপিৰ অভিভাবক মন্ত্ৰী অশোক সিংহাল আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত সভাত নিৰ্বাচনত মিত্ৰ দলৰ কৰ্মী সকলে কি দৰে আগবাঢ়ি ৰাইজৰ কাষ চাপিব সেই সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয় ৷

ADVERTISEMENT

সভাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংহালে কয় যে বিটিএডিৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নৰ নতুন প্ৰস্তাব লোৱাৰ আলোচনা কৰা হয় ৷

গোসাইগাঁৱক মডেল টাউন হিচাপে গঢ়ি তোলা হব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান বিপিএফৰ স’তে বিজেপি-ইউপিপিএল-এজেপিৰ কোনো সম্পৰ্ক নাই ৷ গতিকে বিপিএফে নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব নে নাই সেয়া বিপিএফৰ বিষয় ৷

আনহাতে বিটিচি প্ৰধান প্ৰমোদ বড়োই উপ নিৰ্বাচন সন্দৰ্ভত মন্তব্য দি টেট উন্নিত সকলক পৰ্যায়ক্ৰমে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে ৷

Exit mobile version