গোসাইগাঁৱত ৰেলৰ আগত জপিয়াই যুৱকৰ আত্মহত্যা

2021 4largeimg 2089332583

গোসাইগাঁও মহকুমাৰ গুয়াবাৰীত আজি দিনৰ ১২ মান বজাত এজন যুৱকে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰাৰ ঘটনাই গুয়াবাৰী অঞ্চলত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন দলগাৱঁৰ বাসিন্দা প্ৰয়াত হৰিদাস ৰায়ৰ পুত্ৰ বিষ্ণু ৰায়ে(৩৪) আজি দুপৰীয়া বাৰ মান বজাত নামণিমুৱা এখন মালবাহী ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে।

পাৰিবাৰিক অশান্তিৰ বাবে এনেদৰে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰিছে বুলি ৰেল আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে।ৰেল আৰক্ষী ঘটনাস্হলীত উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে।

Exit mobile version