কাবুলত মহিলাসকলৰ সমদলক কন্দুৱা গেছ নিক্ষেপ, বন্দুকেৰে আঘাত

https cdn.cnn .com cnnnext dam assets 210903093404 01 kabul women protest 0903

প্রতিবাদ-প্রতিৰোধত উত্তাল আফগানিস্তান, তালিবানৰ কাবুল দখলৰ তিনি সপ্তাহ পাছতো । তালিবানসকলেও প্রমাণ কৰিছে মহিলাসকলৰ ওপৰত তেওঁলোকৰ আচৰণ এতিয়াও সলনি হোৱা নাই । আফগানিস্তানৰ সংবাদমাধ্যম ‘ট’ল’ নিউজ’এ জনায়, তালিবানৰ গোড়া ইছলামি মতাদর্শৰ বিৰোধিতা আৰু সমান অধিকাৰৰ দাবীত প্রতিবাদ কৰিছে মহিলাসকলে । শুকুৰ আৰু শনিবাৰে কাবুল আৰু তাৰ নিকটৱৰ্তী অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে । প্রতিবাদী মহিলাসকলক বাধা দিছে তালিব-ৰক্ষীসকলে । পথত নামা মহিলাসকললৈ হঠাৎ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে । বৈদ্যুতিক চক দিব পৰা ৰাইফলৰে আঘাত কৰা হৈছে প্রতিবাদী মহিলাসকলক । তেওঁলোকক ঠেলি পথত পেলাই দিয়া হৈছে । তালিবসকলে বন্দুকৰ মেগজিন দি মূৰত সজোৰে আঘাত কৰাত এগৰাকী মহিলাৰ মূৰ ফাটি গৈছে ।

ইপিনে, তালিবানসকলৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি সিংহবিক্রমত যুঁজ দিছে পানশ্বিৰ উপত্যকাৰ তাজিক জাতিগোষ্ঠীৰ লোকসকল । পানশ্বিৰসহ উত্তৰ আফগানিস্তানৰ বিভিন্ন স্থানত তালিবসকলৰ বিৰুদ্ধে যুঁজ দিছে তাজিক, উজবেক, তুর্কমেনিসহ বহু জাতিগোষ্ঠীৰ সন্মিলিত বাহিনী নৰ্ডার্ন এলায়েন্স ।

সমাজিক মাধ্যমত দ্রুতগতিত বিয়পি পৰা ট’ল’ নিউজৰ কেমেৰাত বন্দী ভিডিঅ’ত দেখা গৈছে, শনিবাৰে কাবুলৰ নিকটৱৰ্তী অঞ্চলত মহিলাসকলৰ বিক্ষোভ সমদলৰ ছবি । গোড়া মতাদর্শৰ বিৰোধিতা, সম-অধিকাৰ আৰু ৰাজনীতিত আৰু নতুন চৰকাৰত সক্রিয় অংশগ্রহণৰ অধিকাৰৰ দাবীত ওলোৱা মহিলাসকলৰ সমদলক বাধা প্ৰদান কৰিছে তালিব-ৰক্ষীসকলে । এগৰাকী মহিলাক চিৎকাৰ কৰি কোৱা শোনা গৈছে, “আমাক কিয় মাৰিছে ?” সমদলটো আফগান ৰাষ্ট্ৰপতিৰ প্রাসাদৰ দিশে গৈ আছিল ।

চৰকাৰী কর্মী সোৰেয়াই সংবাদসংস্থা ৰয়টাৰ্ছক জনায়, “শনিবাৰে আমি যেতিয়া আমাৰ দাবী জনাবলৈ ৰাষ্ট্ৰপতিৰ প্ৰসাদৰ দিশে গৈছিলো, তেতিয়াই তালিব-ৰক্ষীসকলে আমাক বাধা দিয়ে । তেওঁলোকে মাৰ-ধৰো কৰে । বৈদ্যুতিক চক দিব পৰা ৰাইফলৰে আঘাত কৰে । মহিলাসকলক ঠেলি পথত পেলাই দিয়া হয় । তালিবসকলে বন্দুকৰ মেগজিন দি মূৰত সজোৰে আঘাত কৰাত এজনৰ মূৰ ফাটিছে ।”

মহিলাসকলৰ বিক্ষোভ সমদলৰ ওপৰত তালিবসকলৰ আক্রমণৰ ঘটনা অৱশ্যে স্বীকাৰ কৰা তালিবানে । তালিবসকলৰ কালচাৰেল কমিচনৰ প্রধান মহম্মদ জালালে কয়, “ভিডিঅ’টো সঁচা নে মিচা নাজানো । কিন্তু বিক্ষোভকাৰীসকলে ইচ্ছাকৃতভাৱেই আইন ভংগ কৰিছিলে । তেওঁলোক অৱশ্যে সংখ্যাত তেনেই নগণ্য । আফগানিস্তানৰ মুঠ জনসংখ্যাৰ ০.১ শতাংশ ।”

নাম প্রকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী মহিলাই সংবাদ মাধ্যমক জনায়, বিক্ষোভ সমদলত নাযাবৰ বাবে তেওঁক হত্যাৰ ভাবুকি দিছিল তালিবানে ।

Exit mobile version