কেৰেলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ ১২-বছৰীয়া কিশোৰৰ মৃত্যু

nipah

কেৰালাৰ কোজিকোৰত নিপাহ ভাইৰাছত আক্রান্ত হৈ ১২বছৰৰ এজন কিশোৰৰ মৃত্যু হয় । তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ADVERTISEMENT

শনিবাৰৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু আজি পুৱতি নিশা কিশোৰ জনৰ মৃত্যু হয়। তিনি ছেপ্টেম্বৰত নিপাহ ভাইৰাছৰ উপসর্গ ধৰা পৰিছিল কিশোৰগৰাকীৰ ।

তেওঁৰ নমুনা পঠোৱা হৈছে পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীলৈ । তাত নমুনা পৰীক্ষাত গম পোৱা গৈছে যে কিশোৰজন নিপাহ ভাইৰাছত আক্ৰান্ত হৈছিল ।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয়, “আমি সংশ্লিষ্ট জিলাখনৰ বিষয়াসকলৰ স’তে এখন বৈঠক আয়োজন কৰিছো। পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ আমি কেইটামান দল গঠন কৰিছো। ভাইৰাছটোৰ উৎসৰ অনুসন্ধান চলি আছে। এই মুহূৰ্তত আতংকিত হ’বলৈ একো নাই। কিশোৰৰ পৰিয়ালৰ কোনো লোকৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো লক্ষণ দেখা পোৱা হোৱা নাই। ”

এই পৰিস্থিতিত, আজি কেন্দ্ৰীয় দলটো কেৰালালৈ গৈছে। তেওঁলোকে যোৱা ১২ দিনৰ পৰিস্থিতিটো পৰ্যালোচনা কৰিব। ভাইৰাছটো প্ৰাদুৰ্ভাৱ হোৱা ঠাইখিনি ঘৰে ঘৰে পৰীক্ষা কৰা হ’ব। যদি কাৰোবাৰ লক্ষণ ধৰা পৰে, তেওঁক কোৱাৰেণ্টাইন কৰি ৰখা হ’ব বুলি জানিব পৰা গৈছে।

Exit mobile version